নতুন ৰাজনৈতিক দল গঠন কৰিব এলন মাস্কে

নতুন ৰাজনৈতিক দল গঠন কৰিব এলন মাস্কে

ৰঙিলী বাৰ্ত্তাসেৱা– ২০২৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এলন মাস্কে ঘনিষ্ঠ বন্ধু হিচাপে ট্রাম্প চৰকাৰত নিযুক্তি লাভ কৰে। ডিঅ’জিইৰ মুৰব্বী হিচাপে দায়িত্ব লৈ মাস্কে সঠিকভাৱে কাম-কাজ আগবঢ়াই নিয়াৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পে মাস্কৰ পৰামৰ্শক আওকাণ কৰাই নহয়, গোপনে বিগ বিউটিফুল বিলত স্বাক্ষৰ কৰে। ইয়াৰ পাছতে ৰাষ্ট্ৰপ্ৰতি ট্রাম্প আৰু এলন মাস্কৰ মাজত বন্ধুত্ব শেষ হৈ যায় আৰু শত্রুতা বাঢ়ি আহে। সামাজিক মাধ্যমত ইজনে সিজনক অপমান আৰু ভাবুকিৰ মাজতে এইবাৰ ট্রাম্পক ৰাজনৈতিক প্রত্যাহ্বান জনাবলৈ এলন মাস্কে নতুন ৰাজনৈতিক দল গঠনৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে আমেৰিকাৰ ৰাজনৈতিক ক্ষেত্ৰখনত পদার্পণৰ লক্ষ্যৰে ‘দ্য আমেৰিকান পার্টী’ গঠনৰ ঘোষণা কৰিছে এলন মাস্কে। বিশ্ব ৰাজনীতিত ‘দ্য আমেৰিকান পার্টী’ৰে যাত্ৰা আৰম্ভকৰাৰ ঘোষণা কৰি মাস্কে কয় যে দেশখনত এটা নতুন ৰাজনৈতিক দলৰ প্ৰয়োজন। কিয়নো দেশৰ ৮০ শতাংশ লোকেই মধ্যবিত্ত শ্ৰেণীৰ। তেওঁৰ নতুন দল গঠনৰ ঘোষণাত ব্যাপক সঁহাৰি আহিছে। প্রায় ৮০ শতাংশ লোকে তেওঁৰ নতুন ৰাজনৈতিক দল গঠনৰ ঘোষণাক আদৰণিও জনাইছে। এয়া তেওঁৰ বাবে ভাগ্য।