পুনৰ  চীনত নতুনকৈ চিনাক্ত ক’ৰনাৰ নতুন উপ-প্ৰকৰণৰ

Pc UNEP

পুনৰ  চীনত নতুনকৈ চিনাক্ত ক’ৰনাৰ নতুন উপ-প্ৰকৰণৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ চীনত নতুনকৈ চিনাক্ত হৈছে ক’ৰনাৰ নতুন প্রজাতি। এইচ কে ইউ ৫.কোভ-২ নামৰ মাৰাত্মক ভাইৰাছটোৰ সংক্ৰমণ আৰম্ভ হ’লেই ই ভয়াৱহ ৰূপ লৈ পুনৰ বিশ্বজুৰি অতিমাৰীৰ আশংকাৰ কাৰণ হৈ উঠিব। চীনা বিজ্ঞানী এগৰাকীয়ে দেশখনত নতুনকৈ চিনাক্ত হোৱা এইচ কে ইউ ৫.কোভ-২ নামৰ মাৰাত্মক ভাইৰাছটো সন্দৰ্ভত সতর্কবাণী জাৰি কৰিছে। চীনা বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰা মতে, নতুন প্ৰজাতিৰ এইচ কে ইউ ৫.কোভ-২ৰ সংক্ৰমণ হ’লেই ই দ্রুতগতিত বৃদ্ধি হ’ব আৰু ইয়াক প্ৰতিৰোধ কৰাৰ ক্ষেত্রত জটিলতা বাঢ়ি যাব। সংক্রমণ বৃদ্ধি হ’লেই লাখ লাখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। এনে হ’লেই পুনৰ বিশ্ববাসী লকডাউনৰ সন্মুখীন হ’ব লাগিব। মন কৰিবলগীয়া যে ক’ভিড-১৯ৰ ত্ৰাস বিশ্ববাসীয়ে প্ৰায় পাহৰি যোৱাৰ ক্ষণতে চীনকে ধৰি এছিয়াৰ কেইবাখনো দেশত ক’ৰনাৰ নতুন উপ-প্ৰকৰণৰ সংক্ৰমণ আৰম্ভ হৈছে। ভাৰততো ক’ৰনা ভাইৰাছৰ নতুন প্ৰকৰণ এনবি ১.৮.১ আৰু জেএন ১ৰ সংক্ৰমণত আক্রান্ত ৰোগীৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই আছে। ইতিমধ্যে এই ৰোগীৰ সংখ্যাই ৫ হাজাৰ অতিক্ৰম কৰিছে। এই প্ৰকৰণকেইটাৰ ভয়াৱহতা অধিক নহয় বুলি চিকিৎসা বিজ্ঞানীসকলে প্রকাশ কৰিলেও চীনত পুনৰ নতুনকৈ চিনাক্ত হোৱা ক’ৰোনাৰ প্ৰজাতিয়ে ভয়াৱহত নমাই আনিব বুলি শংকা ব্যক্ত কৰিছে। চীনৰ বিজ্ঞানীগৰাকীয়ে প্ৰকাশ কৰা মতে, নতুন ভাইৰাছটোত আক্ৰান্ত হোৱাৰ পিছত মৃত্যু হোৱা লোকৰ সংখ্যা এক তৃতীয়াংশ। অর্থাৎ এই ভাইৰাছটোৱে সংক্ৰমণ কৰাৰ পিছত মৃত্যুৰ শংকা থাকে। তাৎপর্যপূর্ণ যে ২০২০ চনত ক’ভিড-১৯ৰ অতিমাৰীৰ সময়তে চীনৰ এটা গৱেষণাত নতুনকৈ চিনাক্ত হোৱা ভাইৰাছটোৰ পৰীক্ষা চলোৱা হৈছিল। সেই ভাইৰাছটো অতি সহজতে মানৱ দেহত সংক্রমিত হয় আৰু ই ভয়াৱহ ৰূপ ধাৰণ কৰে।