দেশজুৰি দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকপিয়ল 

দেশজুৰি দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকপিয়ল 

ৰঙিলী বাৰ্ত্তাসেৱা- দেশজুৰি ২০২৭ চনত আৰম্ভ হ’ব লোকপিয়ল।  সেই বছৰৰ ১ মাৰ্চৰ পৰা দেশত এই প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। কিন্তু লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ দৰে হিমালয়ে ঘেৰি থকা কেন্দ্ৰীয়শাসিত তথা ৰাজ্যৰ বিস্তীর্ণ অঞ্চলত সেই সময়ত অব্যাহত থাকিব তুষাৰপাত। বৰফে ঢাকি ৰাখিব বিভিন্ন অঞ্চল। গতিকে এই অঞ্চলসমূহত ২০২৬ৰ অক্টোবৰৰ পৰাই আৰম্ভ হ’ব লোকপিয়লৰ কাম। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি পিটিআইকে ধৰি কেইবাটাও সংবাদ সংস্থাই এই তথ্য প্রকাশ কৰিছে । চৰকাৰী নিয়ম অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল হ’ব লাগে দেশজুৰি। অন্তিমবাৰ লোকপিয়ল হৈছিল ২০১১ চনত। সেই অনুসৰি ২০২১ চনত নতুন লোকপিয়ল হোৱাৰ কথা আছিল। কেন্দ্ৰীয় চৰকাৰে দাবী কৰা অনুসৰি ক’ৰোনা পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ নহ’ল। অৱশ্যে ২০১৯ চনত সংশোধিত নাগৰিকত্ব আইন গৃহীত হোৱাৰ পিছত দেশজুৰি সৃষ্টি হোৱা উত্তেজনাৰ বাবে সেই সময়ত লোকপিয়লৰ কামৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তৎপৰতা মোদী চৰকাৰে দেখুওৱা নাছিল বুলি বিৰোধীয়ে অভিযোগ তুলিছিল। তেতিয়াৰে পৰা বন্ধ হৈ আছে লোকপিয়লৰ কাম। ৫ বছৰ ধৰি এই প্ৰক্ৰিয়া স্তব্ধ হৈ থকাৰ পিছত অৱশেষত চৰকাৰে লোকপিয়ল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। লক্ষণীয়ভাৱে মোদী চৰকাৰৰ আমোলত এয়া হ’ব প্রথমটো লোকপিয়ল। স্মর্তব্য যে যোৱা মাহত লোকপিয়লৰ সৈতে জাতিভিত্তিক জনগণনাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। সূত্ৰই দাবী কৰা অনুসৰি প্রশ্নোত্তৰৰ ভিত্তিত জাতি আৰু জনগোষ্ঠী সম্পর্কীয় বিভিন্ন তথ্যও এইবাৰৰ জনগণনাপর্বত সংগ্ৰহ কৰা হ’ব। অর্থাৎ লোকপিয়লত এইবাৰ জাতিভিত্তিক তথ্য সন্নিৱিষ্ট হ’ব। ২০২৮ চনৰ আৰম্ভণিতে লোকপিয়লৰ কাম সম্পূৰ্ণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। বর্তমান দেশত লোকপিয়ল আয়ুক্তৰ পদত আছে মৃত্যুঞ্জয় কুমাৰ নাৰায়ণ। যোৱা বছৰ তেওঁৰ কাৰ্যকালৰ ম্যাদ বৃদ্ধি কৰে মোদী চৰকাৰে। ২০২৬ৰ আগষ্ট মাহলৈকে আছে মৃত্যুঞ্জয় কুমাৰ নাৰায়ণৰ কাৰ্যকাল। লক্ষণীয়ভাবে যোৱা মাহত কেন্দ্ৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে লোকপিয়লৰ সৈতে জাতিভিত্তিক জনগণনা কৰা হ’ব। তিনিটা বিষয়ৰ ওপৰত জনগণনা হ’ব বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই তিনিটা বিষয় হৈছে -পৰিয়ালত সদস্যৰ সংখ্যা, তেওঁলোকৰ বাসগৃহৰ সংখ্যা আৰু বাসগৃহত কিমানজনে বসবাস কৰে তাৰ সংখ্যা। অর্থাৎ দেশৰ জনসংখ্যাৰ লগতে কিমানটা বাসগৃহ আছে সেয়াও গণনাৰ আওতালৈ আহিব বুলি উল্লেখ কৰিছিল চৰকাৰে। গতিকে আগন্তুক লোকপিয়লত এই বিষয়বোৰে গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।