মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দর্ভত বৈঠক

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দর্ভত বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ববন্দিত গণশিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত মূল সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বহুমুখী প্রতিভাধৰ আজন্ম শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবার্ষিকী সফলভারে ৰূপায়ণৰ বিভিন্ন দিশ আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা অহা বৰ্ষৰ ৮ ছেপ্টেম্বৰলৈ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদ্যাপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্য চৰকাৰে যিদৰে উদযাপন কৰিব বিচাৰিছে ঠিক একেদৰে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, ব্যক্তিবিশেষৰ উদ্যোগতো জন্ম শতবার্ষিকী উদযাপন হোৱাটো বিচাৰে। ৰাজ্য চৰকাৰে জনগণৰ অনুষ্ঠান হিচাপে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী পালন কৰিব বিচাৰিছে। শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী যাতে স্বতঃস্ফূতভাৱে উদযাপিত হয় তাৰ বাবে ৰাজ্য চৰকাৰে জনসাধাৰণক প্ৰেৰণা যোগোৱাৰ লগতে এইক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব। মুখ্যমন্ত্ৰী ড° শর্মাই কয়, গণশিল্পীগৰাকীৰ জন্ম শতবার্ষিকীৰ অংশ হিচাপে ডিব্রুগড় বিমানকোঠটোক ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রচেষ্টা হাতত লৈছে। এই প্রক্রিয়াটো ইতিমধ্যে আগুৱাই লৈ যোৱা হৈছে আৰু অসম চৰকাৰৰ কেবিনেটে এই সন্দর্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম বিধানসভাই ইয়াক গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব। ড° ভূপেন হাজৰিকাৰ নামত কেইবাবাৰো ডাকটিকট মুকলি কৰিছে যদিও শিল্পীগৰাকীৰ নামত বৰ্তমানলৈকে মুদ্রা মুকলি হোৱা নাই। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া আৰু বিত্ত মন্ত্রণালয়ৰ লগত যোগাযোগ কৰিছে যাতে এই শতবার্ষিকীৰ স্মৃতি অধিক যুগমীয়া কৰিব পৰা যায়। শিল্পীগৰাকীৰ জীৱন আৰু কৃতী সকলোৱে অধ্যয়ন কৰিব পৰাকৈ এখন গ্রন্থ প্ৰকাশৰ বাবে অসম প্রকাশন পৰিষদে বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক দায়িত্ব অর্পণ কৰিছিল। সাহিত্যিকগৰাকীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰক খচৰা দাখিল কৰিছে। এই পুথিখন প্ৰকাশৰ পিছত দেশৰ ২৩টা ভাষালৈ ইয়াক অনুবাদ কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয় যে পুথিভঁৰাল, শিক্ষানুষ্ঠানকে ধৰি ভাৰতবৰ্ষত ৪ লাখ বিদ্যায়তনিক অনুষ্ঠান আছে। এই গ্রন্থখন সমগ্ৰ ভাৰতবৰ্ষৰ বিদ্যায়তনিক অনুষ্ঠানৰ লগতে অসমত নৱপ্ৰজন্মৰ হাতত তুলি দিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এইগৰাকী শিল্পীৰ বিষয়ে নৱপ্ৰজন্মই জনাৰ প্ৰয়োজনীয়তা আছে। ড° ভূপেন হাজৰিকাৰ কৰ্মভূমি অসম, অৰুণাচল প্রদেশ, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰত এই শতবার্ষিকীৰ অনুষ্ঠান পালন কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০২৬ চনত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সামৰণী অনুষ্ঠান আয়োজন কৰা হ’ব। এই জন্ম শতবার্ষিকী গুৱাহাটীত আৰম্ভ হ’ব আৰু নতুন দিল্লীত সামৰণি পৰিব। শতবার্ষিকী অনুষ্ঠান আয়োজনৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ লগত আলোচনা কৰা হৈছে। সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি ছাত্র-ছাত্ৰী তথা জনসাধাৰণৰ মাজত ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হ’ব। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ দৰে এই অনুষ্ঠান আয়োজন কৰা হ’ব। দেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকে এই ৰচনা লিখিব পাৰিব আৰু ইয়াৰ বাবে এটা প’র্টেল মুকলি কৰা হ’ব। আনহাতে জিলা পর্যায়তো এখন সমিতি গঠন কৰা হ’ব। ইয়াৰ জৰিয়তে জিলা পর্যায়ত ড° ভূপেন হাজৰিকাৰ স্মৰণ অনুষ্ঠান আয়োজন কৰা হ’ব। ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানত এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে অনুৰোধ জনাব। এই কামবোৰৰ জৰিয়তে প্রতিটো অনুষ্ঠান, প্ৰতিগৰাকী ব্যক্তিয়ে শিল্পীগৰাকীক স্মৰণ কৰাৰ সুযোগ লাভ কৰিব বুলিও মুখ্যমন্ত্রী ড° শর্মাই কয়। অহা বছৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ সময়খিনি বাদ দি এই কার্যসূচী নিয়াৰিকৈ অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠান সফলভাৱে ৰূপায়ণৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই পৰামৰ্শ আগবঢ়াবলৈ জনসাধাৰণক আহ্বান জনায়।মুখ্যমন্ত্রী ড° শর্মাই লগতে কয় যে ইতিমধ্যে কেইবাটাও গ্রহণযোগ্য লিখিত পৰামৰ্শ আহিছে। এইক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা সাংস্কৃতিক বিভাগে গ্রহণ কৰিব। অহা ৮ ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰাত এই জন্ম শতবার্ষিকী উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠানৰ আয়োজন কৰা হ’ব। এই বৈঠকত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু বৰেণ্য ব্যক্তিসকলে শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী সফল উদযাপনৰ বাবে পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্রী ড° শর্মাই কয় যে শুভাৰম্ভণী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলকো আমন্ত্রণ জনোৱা হ’ব। এই অনুষ্ঠান কেৱল অসমতে আবদ্ধ নাৰাখি নতুন এটা দিশ আৰম্ভ কৰিব পৰা যাব বুলিও তেওঁ আশা প্রকাশ কৰে। বিভিন্ন সাহিত্য সভাক লৈ সমিতিখন সম্প্ৰসাৰণৰ বাবে অহা পৰামৰ্শ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ড° ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে যিবোৰ পৰামৰ্শ আহিছে তাক ৰাজ্য চৰকাৰে তন্নতন্নকৈ পৰীক্ষা কৰিব। পৰৱৰ্তী বৈঠকত কোনোৱা আহিব নোৱাৰিলেও ভিডিঅ’ কনফাৰেঞ্চযোগে সংলগ্ন হোৱাৰ বাবে ব্যৱস্থা কৰা হ’ব। এই অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰা হ’ব, যাতে এশ বছৰলৈ নৱপ্ৰজন্মৰ মাজত গণশিল্পীগৰাকীক জীয়াই ৰাখিব পৰা যায়। ইতিমধ্যে বিশ্ববিদ্যালয়সমূহে শতবার্ষিকী উদযাপন অনুষ্ঠান পালন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰি ৰাজ্য চৰকাৰক অৱগত কৰিছে। উক্ত এই বৈঠকত মন্ত্রী বিমল বড়া, অতুল বৰা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, প্রশান্ত ফুকন, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, ইউ জি ব্ৰহ্ম, পীযূষ হাজৰিকা, যোগেন মহন, নন্দিতা গার্লোছা, কৌশিক ৰয়, ৰূপেশ গোৱালা, বিধায়ক ক্রমে পৃথ্বিৰাজ ৰাভা, দুর্গাদাস বড়ো, মুখ্য সচিব ড° ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, অতিৰিক্ত মুখ্য সচিব ড° জে বি এক্কাকে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচার্য, ড° ভূপেন হাজৰিকাৰ পৰিয়ালবৰ্গৰ হৈ আভাসীয়ভাৱে নিউয়ৰ্কৰ পৰা পুত্ৰ তেজ হাজৰিকা, ভাতৃ সমৰ হাজৰিকা, মনীষা হাজৰিকা প্ৰমুখ্যে বিশিষ্ট শিল্পী, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধি আৰু বৰেণ্য ব্যক্তিসকল উপস্থিত থাকে।