শ্বহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন ৰাজ্য চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্রী ড° শর্মাই লোকসেৱা ভৱনত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে কেবিনেটে আজি গহপুৰস্থিত শ্বহীদ কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি টকা প্রদানত প্রশাসনিক অনুমোদন জনাইছে। বিশ্ববিদ্যালয়খনে ইণ্ডাষ্ট্ৰীৰ ৫.০ৰ প্ৰয়োজনীয়তাৰ প্ৰতি সামঞ্জস্য ৰাখি এআই, কোৱান্টাম কম্পিউটিং আদি আধুনিক পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিব। আনহাতে কেবিনেটে গৱেষণাৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন প্রদান কৰে। এই আঁচনিৰ জৰিয়তে অসমৰ চৰকাৰী প্ৰতিষ্ঠানত নামভৰ্তি কৰা সম্পূৰ্ণ সময়ত দিব্যাংগ গৱেষণা অধ্যয়নকাৰী অন্তর্ভুক্তিৰে যোগ্য বিবেচিত পূর্ণকালীন গৱেষক শিক্ষার্থীসকলক এককালীন আর্থিক সাহায্য প্রদান কৰিব। দিব্যাংগ গৱেষকসকলৰ বাবে ৪০ হাজাৰ টকাকৈ আৰু কেন্দ্ৰীয় ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ বাবে ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ’ব। কেবিনেটে মুখ্যমন্ত্ৰীৰ উৎকর্ষ যোজনাৰ ৰূপায়ণেৰে কৃষক উৎপাদক সন্থাৰ সবলীকৰণত অনুমোদন দিয়ে। ইয়াৰ জৰিয়তে ৫০০ এফপিঅ’ আৰু এফপিচিক দুটা পর্যায়ত আৰু দুটা কিস্তিত কাম সম্পাদনৰ বাবে মুঠ ১৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, ধান ক্রয়, অমৃত সৰোবৰ, দুগ্ধ সংসাধন প্রকল্প আদি আঁচনিৰ উন্নত ৰূপায়ণৰ বাবে ১,৪৫০ কোটি টকাৰ মেগা মিছন ছ’চাইটী-মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ বিত্তীয় অনুমোদনত সন্মতি দিয়ে। ডিমা হাছাওৰ সংযোগ ব্যৱস্থা উন্নয়নৰ হেতু অসম দুর্যোগ স্থিতিস্থাপক পার্বত্য এলেকা পথ উন্নয়ন প্রকল্পতও কেবিনেটে অনুমোদন দিয়ে। ইয়াৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ ৩৮৪ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে মুঠ ৩,৮৭৫ কোটি টকা ব্যয় কৰা হ’ব। কেবিনেটে আজি বিটিচিক ২০২৫-২৬ বৰ্ষৰ বাবে ৮৪৩ কোটি টকাৰ বিত্তীয় আবণ্টনত অনুমোদন জনায়। ৰাজ্যিক কেবিনেটে জিলাসমূহৰ আৰক্ষী অধীক্ষকৰ ৩৫টা পদ পুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে পদবীকৰণত অনুমোদন জনায়। উল্লেখ্য যে এতিয়াৰে পৰা আৰক্ষী অধীক্ষকসকলক জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে জনা যাব।