ৰাজ্যৰ বলিয়া বানত মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি

ৰাজ্যৰ বলিয়া বানত মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ তাণ্ডৱ। এতিয়াও ২১খন জিলাৰ বিস্তীর্ণ অঞ্চল জলমগ্ন হৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ভিন্ন স্থানত ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, কপিলী, বৰাক, সোণাই, ৰুকনি, ধলেশ্বৰী, কটাখাল আৰু কুশিয়াৰাৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এনে প্রেক্ষাপটত বান পৰিস্থিতিয়ে আৰু অধিক জটিল ৰূপ ধাৰণ কৰাৰ আশংকা কৰিব পাৰি। বছৰৰ প্ৰথমটো বানে ইতিমধ্যে সংহাৰলীলাৰ সৃষ্টি কৰিছে। বর্তমানপর্যন্ত বানত প্রাণহানি ঘটিছে ১৪জন লোকৰ। তদুপৰি বিভিন্ন ঠাইত কোবাল সোঁতে পথ, দলং, মথাউৰি আদি উটুৱাই নি আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন কৰিছে। সেইদৰে বানত ডুব গৈছে ১৪,৯৭৭.৯৯ হেক্টৰ কৃষিভূমি। এইবাৰৰ বানত উক্ত ২১খন জিলাৰ ৬,৭৯,৪২৩জন লোক আক্রান্ত হৈছে। বন্যার্তসকলৰ বাবে চৰকাৰীভাৱে মুঠ ৪০৫টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। কাছাৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, নগাঁও আৰু শ্রীভূমি জিলাত এনে শিবিৰত আশ্ৰয় লৈ আছে মুঠ ৪১,৩১৭জন বন্যাক্রান্ত। ইয়াৰ উপৰি বহুতে মথাউৰি, বিদ্যালয়গৃহকে ধৰি নিৰাপদ স্থানত আশ্রয় লৈছে। আনহাতে বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৩০টা বন শিবিৰ জলমগ্ন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ কঁহৰা, বাগৰি, বুঢ়াপাহাৰ, অগৰাতলী বনাঞ্চল জলমগ্ন হৈছে। বন বিভাগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি কহৰা বনাঞ্চলৰ আৰিমৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত আৰিমৰা, বৰবিল টাৱাৰ, কাঠনীবাৰী আদিকে ধৰি মুঠ ১০টা বন শিবিৰ বুৰ গৈছে। আনহাতে বাগৰি বনাঞ্চলৰ চিতলমাৰী, বৰনলনি, বৰাকটা আদিকে ধৰি মুঠ ১৪টা বন শিবিৰ প্লাৱিত হৈছে। ইপিনে অগৰাতলী বনাঞ্চলৰ অধীনৰ মোৱামাৰী, তিনিবিল ৰজামাৰী, ৰঙামটীয়া, মাকলুং এৰাসুঁতি, চুবা তামুলীপথাৰ, টুৰটুৰণী আদি বন শিবিৰ জলমগ্ন হৈছে। একে সময়তে বুঢ়াপাহাৰ বনাঞ্চলৰ বৰহোলা, বধূপ, বাহুবিল, দেউচুৰ আৰু হাতীকেম্প বন শিবিৰ প্লাৱিত হোৱা বুলি বন বিভাগে জানিবলৈ দিছে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখন বানৰ কবলত পৰাৰ লগে লগে বন্যপ্রাণীসমূহে হাইলেণ্ডসমূহত আশ্রয় গ্রহণ কৰিছে। গঁড়, হাতী, পহু আদি বন্যপ্রাণীয়ে কাঞ্চনজুৰি, হালধিবাৰী, পাণবাৰী আদি এনিমেল কৰিড’ৰেদি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে কাৰ্বি পাহাৰৰ নামনিত আশ্রয় লৈছে। উক্ত এনিমেল কৰিড’ৰত বন বিভাগে বেৰীকেড স্থাপন কৰি যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ অৰুণ ভিগ্নেছে জনোৱা মতে, বর্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাষ্ট্ৰীয় ঘাই পথত কঠোৰ নীতি-নিয়ম বলবৎ কৰা হৈছে। সেই অনুসৰি কাজিৰঙাৰ ৰাজপথত প্ৰতিখন যান-বাহনৰ গতিবেগ ৪০ কিঃমিঃ তলত থাকিব লাগিব। অন্যথা ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিয়ম অনুসৰি ৫ হাজাৰ টকাকৈ জৰিমনা বিহা হ’ব। তদুপৰি যিকোনো বাহনে বন্যপ্রাণীক খুন্দিয়াই হতাহত কৰিলে বন্যপ্রাণী আইনৰ অধীনত গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰা হ’ব। গতিকে বানৰ সময়ত প্রতিখন উজনি-নামনিমুৱা যান-বাহনৰ চালক তথা গৰাকীক কাজিৰঙাৰ ৰাজপথত ইতিমধ্যে জাৰি কৰা নীতি-নিয়ম মানি অহা-যোৱা কৰিবলৈ অনুৰোধ জনাইছে ডি এফ অ’ অৰুণ ভিগ্নেছে।