সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

pc- The Sentinel Assam

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটী উজানবজাৰস্থিত বিবেকানন্দ প্ৰেক্ষাগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ মহকুমা ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থা, বিশ্ববিদ্যালয় ছাত্ৰ গোটৰ সভাপতি, সম্পাদক, উপদেষ্টাক লৈ এখন প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। মুখ্যতঃ আছুৰ সাংগঠনিক স্থিতি, ভৱিষ্যত কাৰ্য্যপন্থা আৰু ছাত্ৰ ছাত্ৰী ৰং শৈক্ষিক দিশ বোৰৰ ওপৰতে এই আলোচনা হৈছিল। বৈঠকত উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য্য, সভাপতি উৎপল শৰ্মা, সম্পাদক সমীৰণ ফুকন সহ প্ৰায় ৫৬ জনমান বিভিন্ন পৰ্য্যায়ৰ বিষয় ববীয়াই। সভাৰ শেষত বাহিৰত উপস্থিত থকা সাংবাদিকৰে হোৱা মুখামুখিত সভাপতি উৎপল শৰ্মাই কয় যে- আজিৰ সভাত জিলা ভিত্তিক আছুৱে বহু কেইটা কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীক কেন্দ্ৰ কৰি জিলা আছুক অনুষ্ঠান আয়োজন কৰিবলৈ নিৰ্দেশ দিয়া হ’ব। বান-গৰাখহনীয়া সমস্যাক লৈ আলোচনা কৰা হৈছে।অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিছাপে ঘোষণা কৰাৰ দাবী কৰা হৈছে। চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিবলৈ টান পায়। অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হ’ব পাৰে অসমৰ সমস্যা বোৰ ৰাষ্ট্ৰীয় সমস্যা কিয় হ’ব নোৱাৰে ? বুলি প্ৰশ্ন কৰে।প্ৰতিখন জিলা ছাত্ৰ সন্থাক নিৰ্দেশনা দিয়া হৈছে- বান-গৰা খহনীয়াৰ সৰ্বশ্ৰান্ত হোৱা ৰাইজক সহায় কৰিবলৈ। ইফালে গুৱাহাটী কৃত্ৰিম বান নিয়ন্ত্ৰণ আৰু ৰোধত চৰকাৰ সম্পূৰ্ণ বিফল হৈছে বুলি কৈ আক্ষেপ প্ৰকাশ কৰে। বানপানীৰ বাবে শিক্ষানুষ্ঠান বন্ধ ৰাখিব লগা হোৱাটো দুৰ্ভাগ্যৰ কথা। চৰকাৰৰ নিৰ্দিষ্ট পৰিকল্পনা বিভাগ, কাৰিকৰী বিভাগ, জৰীপ বিভাগ বোৰ থকাৰ পিছতো বছৰ বছৰ ধৰি গুৱাহাটীৰ জনসাধাৰণে বানত ককবকাই থাকিব লগা হোৱাটো কিমান দুৰ্ভাগ্যৰ কথা বুলি প্ৰশ্ন কৰে ? নিৰ্বাচনৰ সময়ত “বানমুক্ত অসম”, “অপৰাধ মুক্ত অসম” বেনাৰ পোষ্টাৰ লৈ এই চৰকাৰে দিয়া শ্লোগানৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ মিথ্যাচাৰৰ শ্লোগান। নিৰ্বাচন গুচি যোৱাৰ পিছত গুৱাহাটী এখন অপৰিকল্পিত চহৰ, গুৱাহাটীৰ জনসাধাৰণৰ সচেতনতাৰ অভাৱ, গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণ কোনেও কৰিব নোৱাৰে ইত্যাদি কথাৰে গুৱাহাটীৰ জনসাধাৰণকে দোষাৰোপ কৰে। এয়া কেনে কথা ? তাতকৈ নিৰ্বাচনৰ সময়ত আমি বান মুক্ত অপৰাধ মুক্ত কৰিব নোৱাৰো আমাক ভোট দিয়ক সেই কথা নকয় কিয় বুলি প্ৰশ্ন কৰি তীব্ৰ সমালোচনা কৰে। আছুৰ প্ৰাক্তন সম্পাদক শংকৰজ্যোতি বৰুৱাৰ তদন্তৰ দ্বিতীয় খন প্ৰতিবেদন শীঘ্ৰেই দাখিল কৰা হ’ব বুলি উল্লেখ কৰি কয় যে- প্ৰতিবেদন দাখিল হ’লেই তদন্ত কমিটীয়ে দিয়া নিৰ্দেশনা অনুসৰি লোৱা হ’ব ব্যৱস্থা বুলি ঘোষণা কৰে। উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে- অসম চুক্তি সন্দৰ্ভত চৰকাৰৰ লগত আলোচনা অব্যাহত আছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা বিষয় সমূহৰ ভিতৰত ৰাজ্য চৰকাৰে কৰিব পৰা বিষয় কেইটাৰ ওপৰত আলোচনা হৈ আছে। যিকেইটা ৰাজ্য চৰকাৰৰ অধীনত নাই সেইকেইটা কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ দ্বাৰা আলোচনা কৰি আগবঢ়াই লৈ যোৱা হ’ব বুলি প্ৰকাশ কৰে। সেয়ে অতি শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰে ত্ৰিপাক্ষিক আলোচনাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁ কয়- অসম চুক্তি অনুসৰি বিদেশী বিতাৰণৰ কাম বৰ্তমান চৰকাৰে আৰম্ভ কৰিছে। এই কাম কিন্ত্ত আধাতে বন্ধ হ’ব নোৱাৰিব। বিদেশীৰ লগতে অসমত থকা মৌলবাদীকো পুলিয়ে পোখাই উঘালি পেলাবলৈ আহ্বান জনায়। এই কাম আধাতেই সমাপ্ত কৰিব নোৱাৰিব বুলি সকীয়াই দিয়ে। নদীবান্ধ সন্দৰ্ভত বিশেষজ্ঞ সমিটিয়ে যি কৈছিল সেয়া মিলি গৈছে ।অসমৰ বান সমস্যা কিমান ভয়াবহ এয়াই প্ৰমাণ। ৰঙানদীৰ জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিওঁতেই এই অৱস্থা হৈছে । সোৱণসিৰি জলবিদ্যুৎ প্ৰকল্প আৰু ভয়ংকৰ হ’ব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা চাৰিখন উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ ভিতৰত আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চীৰ চেন্টা অৱ এক্সিলেঞ্চৰ এটা চেন্টাৰ অসমত দিয়াৰ দাবী জনাই। নহলে আন্দোলন হব বুলি সকিয়াই দিয়ে চৰকাৰক৷