অসম সাহিত্য সভাৰ উদ্যোগত, সদৌ অসম দেৱদামোদৰ সংঘৰ সহযোগত “কথা সাহিত্য বঁটা, ২০২৫ প্ৰদান

অসম সাহিত্য সভাৰ উদ্যোগত, সদৌ অসম দেৱদামোদৰ সংঘৰ সহযোগত “কথা সাহিত্য বঁটা, ২০২৫ প্ৰদান
অসমীয়া কথা সাহিত্যৰ জনক শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য (ভট্টদেৱ)ৰ সোঁৱৰণত ড° বসন্ত কুমাৰ ভট্টাচাৰ্যক কথা সাহিত্য বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ উদ্যোগত, সদৌ অসম দেৱদামোদৰ সংঘৰ সহযোগত কথা সাহিত্যৰ জনক ভট্টদেৱৰ সোঁৱৰণত ‘কথা সাহিত্য বঁটা” প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমীয়া সাহিত্যৰ জনক শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য (ভট্টদেৱ)ৰ সোঁৱৰণত আয়োজন কৰা কথা সাহিত্য বঁটা-২০২৫ প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। চিৰ চেনেহী মোৰ ভাষা জননী গতীৰে শুভাৰম্ভ কৰা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। আদৰণী ভাষণত দেৱজিৎ বৰাই দেৱদামোদৰ সংঘৰ বিষয়ববীয়াক তেওঁলোকৰ ২৮৬খন সত্ৰত অসম সাহিত্য সভাৰ শাখা গঠন কৰাৰ লগতে সংঘৰ প্ৰতিগৰাকী সদস্যক অসম সাহিত্য সভাৰ আজীৱন সভ্য হ’বলৈ অনুৰোধ জনায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দেৱ দামোদৰ সংঘৰ প্ৰধান সম্পাদক মনোৰঞ্জন গোস্বামীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক গোমোচা , শৰাই আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনোৱা হয়। সভাত বিশিষ্ট অতিথি বজালী স্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধনপতি ডেকাই ভাষণ প্ৰদান কৰে। তেওঁৰ ভাষণত অসম সাহিত্য সভাই এই দুটা বৰ্ষত ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত বহু দূৰ আগবাঢ়ি যোৱাৰ লগতে সভাই এক বিশেষ মৰ্যাদা লাভ কৰিব বুলি আশা ব্যক্ত কৰে। সভাত আন এগৰাকী বক্তা তথা অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মাই ভট্টদেৱৰ ওপৰত সাৱলীল ভাষণ প্ৰদান কৰে। তেওঁ ভাষণ প্ৰসংগত কয় যে ভট্টদেৱে কথা শব্দটো সাহিত্যৰ লগত সংযোগ কৰি দামোদৰ দেৱৰ অনুৰোধত কথাগীতা, কথাভাগৱত লিখি অসমীয়া গদ্য সাহিত্যৰ জগতলৈ চানেকি দাঙি ধৰি আমাক অসমীয়া ভাষাৰ আৰ্হি প্ৰদান কৰি গ’ল। অসম সাহিত্য সভাই এনে এগৰাকী পণ্ডিতৰ স্মৃতিচাৰণ কৰি এক জাগৰণ সৃষ্টি কৰাৰ লগতে নতুন মূল্যায়নৰ দিশে আগবাঢ়ি অহা বুলি কয়। পৰৱৰ্তী কথা সাহিত্য বঁটা প্ৰদান অনুষ্ঠানত এখন চেলেং, অংগ বস্ত্ৰ, শৰাই, গ্ৰন্থৰ টোপোলা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰে সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যক । ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ শাৰীৰিক অসুস্থতাৰ বাবে এই বৰ্ণাঢ্য বঁটাটি তেওঁৰ পৰিয়ালৰ হৈ গ্ৰহণ কৰে তেওঁৰ সুযোগ্য পুত্ৰ অধ্যাপক ড° সুশান্ত কাশ্যপে। পিতৃৰ হৈ তেওঁ বঁটা গ্ৰহণ কৰি অসম সাহিত্য সভাৰ লগতে দেৱদামোদৰ সংঘৰ এনে মহতী প্ৰচেষ্টাৰ শলাগ লয়। সভাপতিৰ ভাষণত ড° বসন্ত কুমাৰ গোস্বামীয়ে কয় যে ভট্টদেৱক অসমীয়া সাহিত্যৰ জনক বুলি পৰিচয় কৰাই দিয়ে হেমচন্দ্ৰ গোস্বামীয়ে। নমস্য পণ্ডিত ড° বসন্ত কুমাৰ ভট্টাচাৰ্যক এনে এটি বঁটা প্ৰদান কৰি তেওঁৰ লগতে অসম সাহিত্য সভায়ো মহীয়ান হৈছে। লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক বিশ্ববিদ্যালয়খনত অসম সাহিত্য সভাৰ এটি শাখা খোলাৰ লগতে বিশ্ববিদ্যালয়খনৰ সকলো অধ্যাপক -অধ্যাপিকা, তথা কৰ্মচাৰীক অসম সাহিত্য সভাৰ আজীৱন সভ্য হ’বলৈ অনুৰোধ জনায়। সৰু ল’ৰা – ছোৱালীক অসমীয়া সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ পুৰণি সাধুকথা, কবিতা তথা মৌখিক সাহিত্যবোৰ এনিমেছনৰ জৰিয়তে প্ৰসাৰ কৰাৰ কথা সভাপতি গোস্বামীয়ে ভাষণ প্ৰসংগত সদৰী কৰে। অসম সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক ড° সঞ্জীৱ শৰ্মাই বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই জ্ঞাপন কৰে দেৱ দামোদৰ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক কনকেশ্বৰ গোস্বামীয়ে। সভাত উপস্থিত থকা দেৱদামোদৰ সংঘৰ সদস্য , অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সদস্য, অসম সাহিত্য সভাৰ বিষয়ববীয়া তথা উপস্থিত সাংবাদিকসকলক কৃতজ্ঞতা জনায়। অসম সংগীতেৰে সভাৰ সামৰণি হয়।