ভৰপূৰ মাতৃৰ মৰম
সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক দ্বিতীয় ষান্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
মই দেখিছোঁ পৃথিৱীখন অতি মুক্তভাৱে,
অকল মমতাৰ ছবি মা’ৰ মৰমৰ বাবে।
অযুত যন্ত্ৰণাৰে ডাঙৰ-দীঘল কৰা তুমি,
সুখৰ পৰ্বত আৰোহণত প্ৰখৰ তুমি।
তোমাৰ লগত হাঁহিছোঁ-কান্দিছোঁ আৰু ধেমালি কৰিছোঁ,
তোমাৰ জীৱন সুখময় হ’বলৈ মই শতবাৰ প্ৰণাম জনাইছোঁ।
তুমি যদি পোৱা বেদনা,
মোৰো নাথাকিব তেতিয়া শৰীৰত চেতনা।
তুমি যদি থাকা সুখ আৰু দুখত,
ময়ো থাকিম তেতিয়া সমভাগীৰ খোজত।