আৰ চি বিৰ বিজয় উৎসৱত পদপিষ্ট হৈ ৭ জনৰ মৃত্যু

আৰ চি বিৰ বিজয় উৎসৱত পদপিষ্ট হৈ ৭ জনৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সংঘটিত হৈছে ভয়ংকৰ পদপিষ্টৰ ঘটনা  ৷ সুদীৰ্ঘ ১৮ বছৰৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দলটো প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰাৰ পিছত বুধবাৰে বেংগালুৰুত উপস্থিত হোৱা দলটোক অভিবাদন জনাবলৈ ষ্টেডিয়ামত উপস্থিত হৈছিল হাজাৰ হাজাৰ অনুৰাগী ৷  জনতাৰ ভিৰ নিয়ন্ত্ৰণ নোহোৱাত সংঘটিত হয় এই পদপিষ্টৰ ঘটনা। এতিয়ালৈকে এই দুৰ্ঘটনাত ৭জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে, আনহাতে বহু লোক গুৰুতৰভাৱে আহত হৈছে। খবৰ অনুসৰি, চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত আৰচিবিৰ বিজয় পেৰেড অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াকে লৈ লাখ লাখ লোক উপস্থিত আছিল অঞ্চলটোত। কিন্তু পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়। ইয়াৰ পাছতে অঞ্চলটোৰ পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰে। সন্ধিয়া ৫ বজাৰ পৰা বিজয় পেৰেড হোৱাৰ কথা আছিল যদিও সেয়া অনুষ্ঠিত কৰিব নোৱাৰিলে। তাৰ মাজতে এতিয়া বহু লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। ঘটনাৰ পাছতে অঞ্চলটোত জৰুৰীকালীন সেৱাৰ লোকসকল উপস্থিত হৈ আহতসকলক হাস্পাতালত ভৰ্তি কৰে। ইয়াৰ বিপৰীতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে চেষ্টা চলাই আছে।  জানিব পৰা মতে, আৰক্ষীয়ে লাঠিচালনা কৰাৰ সময়ত বৰষুণো হৈ আছিল। যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যায়। এই ঘটনাৰ পাছতে আৰ চি বিৰ বিজয় উৎসৱ শোকলৈ ৰূপান্তৰিত হয়।