এজাৰক দুনাই চোৱাৰ জিজ্ঞাসা নাই – জ্যোতিস্মিতা বৰা

এজাৰক দুনাই চোৱাৰ জিজ্ঞাসা নাই

 জ্যোতিস্মিতা বৰা
অনুভৱৰ সেলেঙিত
এবুকু বৰণ চোৱাৰ আজি
অৱকাশ নাই,
বনৰীয়া মলয়াৰ ৰাগীত
এই বিধ্বস্ত ধূলিয়ৰীত
ৰুদ্ধতাৰ আয়ুস নাই।
ভাল লগাৰ হেঙুলীয়া শেঁতেলিত
সময়বোৰ বিন্দুত গাঁথি পেলালোঁ,
হৃদয়ৰ পুৰাতন পঁজাটিত
অস্থিৰ মেঘৰ বলুকা সাজিলোঁ।
মৰুভূমিৰ মৃগতৃষ্ণাই আজি
নয়নৰ দৃষ্টি বান্ধিলে,
এজাৰৰ বৰণ চিনাৰ
অৱকাশ কাঢ়িলে।
ভণ্ডতাৰ অভিসন্ধিটো আজি
জিজ্ঞাসা উৰুৱাই দিছোঁ
বিদীৰ্ণ সেওঁতাৰে,
হেলাৰঙে পাৰ কৰি দিছোঁ
সাবলীল অথচ অস্থিৰ যুদ্ধৰ
আঘাত নুশুকুৱাকৈয়ে।
ৰৌদ্ৰতাৰ এক প্ৰহেলিকাময়ী বান্ধোনত
শোণিতাক্ত আজি বুকুৰ আৱগ,
 বিভাবৈৰী জিঞ্জিৰি বান্ধি
পাৰ হ’ল অতীতৰ দস্তাবেজ।
সময়ে উপহাস কৰিছে
সুখসমুদ্ৰৰ নৌকাৰ বাট ভেটিছে,
হৃদয়ৰ মাজত মহাসমৰ হৈছে
প্ৰকৃতি আজি মানৱ বন্ধনত ৰোগক্লিষ্ট হৈছে।