সদৌ অসম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

সদৌ অসম ছাত্ৰ সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত সদৌ অসম ছাত্ৰ সন্থাই “কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা”ৰ সহযোগত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। সদ্য ঘোষিত ইউপিএছচিৰ ভাস্বত শইকীয়া, ধৃতিৰাজ বৈশ্যৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মুঠ ১০৬ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। অনুষ্ঠানটোত উপস্থিত আছিল ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্ত, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য্য, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, শিক্ষা সম্পাদক টুটুমণি কলিতা সহ কেইবাগৰাকী কেন্দ্ৰীয় তথা জিলা পৰ্য্যায়ৰ নেতা,ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ, শিক্ষাগুৰু সহ প্ৰায় ৭০০ জনমান লোক। একে সময়তে এই অনুষ্ঠানতে ফলাফল ভাল কৰা শিক্ষানুষ্ঠানৰ মুৰব্বীকো উষ্ম অভিনন্দন ও সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ ছাত্ৰী সকল আমাৰ ভৱিষ্যত, অসমৰ ভৱিষ্যত। যি সকল ছাত্ৰ ছাত্ৰীয়ে আজি মেধাৰ পৰিচয় দি ইমানলৈ আহিছে তেওঁলোকক আজি এটাই শব্দ কোৱা হৈছে সেয়া হৈছে “অসম”। অ মানে- অনুশীলন, স মানে-সফল/ সততা/সাহস, ম মানে-মা/মেধাৱী। উচ্চশিক্ষা ল’বলৈ যিয়ে য’তে নাযাওঁক কিয় এই কথাখিনি যাতে কোনেও পাহৰি নাযায় তাৰ বাবে আহ্বান জনায়। ইফালে আছুৰ সভাপতি উৎপল শৰ্মাই ভাষণ প্ৰসংগত HSLC আৰুHS ত বিশেষ স্থান উঠাই দিয়াক লৈ মঞ্চত চৰকাৰক তীব্ৰ সমালোচনা কৰে।শিক্ষাৰ্থীয়ে অনুপ্ৰেৰণা লাভ কৰা বিশেষ স্থানৰ ব্যৱস্থাটো কিয় উঠাই দিয়া হ’ল তাক লৈ প্ৰশ্ন উত্থাপন কৰে ? সংবাদ মাধ্যমত দেখিবলৈ পোৱা অসমৰ শিক্ষানুষ্ঠানৰ পয়ালগা অৱস্থাই উন্মোচন কৰিছে অসমৰ শিক্ষাখণ্ডৰ প্ৰকৃত ছবিখন।অসমত কেতিয়াও নিয়োগমুখী আৰু আত্মনিৰ্ভৰশীল হোৱাকৈ পাঠ্যক্ৰম গঢ়ি তোলা নহ’লে বুলি আক্ষেপ প্ৰকাশ কৰি কয় যে আমাৰ ৰাজ্যখন বনৌষধিৰ বাবে ইমানে সম্ভাৱনা ময় য’ত অসমত আজিলৈ বনৌষধি গৱেষণা প্ৰতিষ্ঠান গঢ়ি তোলা নহ’ল। অসমত এডভানটেজ আসাম পাতিলে নহ’ব। অসমৰ শিক্ষাৰ্থীয়ে নতুনকৈ স্থাপন হ’ব লগা কোম্পানীত নিয়োজিত হ’ব পৰাকৈ সাজু কৰিব পাৰিব লাগিব। ডাঙৰ ডাঙৰ কোম্পানী ইন্দ্ৰাষ্ট্ৰী আহিব ঠিকে, কিন্ত্ত কোম্পানীত পানীৰ গিলাছ-চাহ যোগান ধৰিব পৰা তৃতীয় চতুৰ্থ বৰ্গৰ পদত আমাৰ যুৱকক নিযুক্তি দিলেই নহ’ব। কোম্পানীৰ শীৰ্ষ বিষয়া হোৱাকৈ অসমৰ শিক্ষাৰ্থীক সাজু কৰিব লাগিব। মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সিলিং ব্যৱস্থাটো একমাত্ৰ নামভৰ্তিৰ সময়ত ব্যৱহাৰ নকৰি ছাত্ৰ ছাত্ৰীক যিকোনো সযয়ত যিকোনো সহায় কৰিব পৰা ধৰণে গঢ়ি তুলিব লাগিব। অসমৰ পৰা ইউপিএছচিত কিমানজন অৱতীৰ্ণ হৈছে সেই তথ্য খিনিও আমাৰ ইয়াত পাবলৈ টান। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা মূলক পৰীক্ষালৈ আমাৰ শিক্ষাৰ্থী কিয় যাব নোৱাৰে ? চৰকাৰৰ কৰণীয় কি ? এইবোৰ চৰকাৰে মনকান দিব লাগিব। অন্যান্য ৰাজ্য বোৰৰ দৰে অসমত আৰু এখন প্ৰযুক্তিবিদ্যাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰয়োজন। এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰয়োজন। কেন্দ্ৰৰ বাজেটত দেখা গৈছিল ৫ খন ৰাষ্ট্ৰীয় দক্ষতা বিকাশ কেন্দ্ৰ ধাৰ্য্য কৰিছে।তাৰে মাত্ৰ এখন অসমৰ শৈক্ষিক প্ৰতিষ্ঠানৰ লগত সংল্লগ্ন কৰাৰ দাবী জনায়।বৰ্তমানলৈ অসমে আন্দোলন নকৰাকৈ একোৱে নাপায়। চৰকাৰে আন্দোলন কৰিলেও বেয়া পাই। গতিকে আন্দোলন নকৰাকৈ চৰকাৰলৈ আহ্বান-আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চীৰ চেন্টা অৱ এক্সিলেঞ্চৰ এটা চেন্টাৰ অসমত দিয়ক৷ বান আৰু গৰাখহনীয়াৰ ওপৰত গৱেষণা কেন্দ্ৰ স্থাপন কৰি দিয়ক অসমত।বনৌষধি গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ দাবী জনায়। এইখিনি আমাৰ অসমত দিয়ক। নহ’লে কিন্ত্ত আন্দোলন হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে। ইফালে আছুৰ উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য্যই সংবাদ মাধ্যমত জানিবলৈ দিয়া মতে বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ পৰা ৰাজনীতি বিজ্ঞানত ১০০ ৰ ভিতৰত ১০০ পোৱা বিদিশা দাস নামৰ ছাত্ৰী গৰাকীৰ শিক্ষাৰ যাৱতীয় খৰচৰ দায়িত্ব আছুৱে লোৱা বুলি ঘোষণা কৰে৷