ন’ৰৱেৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ
অসমৰ বান পৰিস্থিতিত উদ্বিগ্নতা প্ৰকাশ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় সোণোৱালে
ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্ৰতি গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীৰ বাবে ন’ৰৱে ভ্ৰমণত থকা কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰে। সেয়ে আজি ন’ৰৱেৰপৰাই সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে আৰু বান পৰিস্থিতিৰ সবিশেষ বুজ লয়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সাম্প্ৰতিক বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰি আছে। কথা প্ৰসংগত সোণোৱালে মুখ্যমন্ত্ৰীৰ সৈতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বান তথা গৰাখহনীয়া পৰিস্থিতিৰ বিষয়েও সম্যক আলোচনা কৰে আৰু ক্ষিপ্ৰতাৰে যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান জনায়। চৰকাৰে তৎকালীনভাৱে ৰাইজৰ কাষত থাকি বান প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ লগতে সাহায্য তথা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক অৱগত কৰে। বান পৰিস্থিতিত দুৰ্যোগ প্ৰশমন বাহিনী অনবৰতে সষ্টম হৈ আছে আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সন্মিলিত প্ৰচেষ্টাৰে কাম কৰি আছে।