২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাধামত অম্বুবাচী মেলা

২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাধামত অম্বুবাচী মেলা

ৰঙিলী বাৰ্ত্তাসেৱা- শক্তিপীঠ কামাখ্যাধামত অহা ২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মহাযোগ। অহা ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। আনহাতে, অহা ২৬ জুনৰ পুৱতিনিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি হোৱাৰ লগে লগে যথাবিহিত পূজা-অর্চনাৰ অন্তত পুনৰ ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ’ব। অম্বুবাচী মহাযোগ উপলক্ষে প্রতি বছৰৰ দৰে নীলাচলৰ বুকুলৈ লক্ষাধিক ভক্তৰ আগমন ঘটিব। ইতিমধ্যে অম্বুবাচী মহাযোগ সম্পূৰ্ণ সূচাৰুৰূপে পালন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু কামাখ্যা দেৱালয় কর্তৃপক্ষ সাজু হৈছে। গুৱাহাটীৰ পাণবজাৰস্থিত পৰ্যটন সঞ্চালকালয়ৰ সভাকক্ষত পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত কামৰূপ মহানগৰ জিলা প্রশাসনকে ধৰি ২৪টা বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত মন্ত্রী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে অম্বুবাচী মহাযোগৰ আধ্যাত্মিকতাৰ প্ৰতি লক্ষ্য ৰাখি এয়া যাতে সূচাৰুৰূপে অনুষ্ঠিত হয় এইক্ষেত্রত যাৱতীয় সকলো ব্যৱস্থা লোৱাৰ বাবে প্ৰত্যেকটো বিভাগৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছে। ৯ জুনলৈ প্রতিটো বিভাগে কামাখ্যা মন্দিৰলৈ গৈ প্ৰাৰম্ভিক জৰীপ কৰিব। ৯ জুনত কামাখ্যা দেৱালয়ত পুনৰ সভা অনুষ্ঠিত হ’ব। সেইদিনাৰ পৰাই অম্বুবাচীৰ কাম-কাজ আৰম্ভ কৰা হ’ব। এইবাৰ অম্বুবাচী মহাযোগ অনুষ্ঠান ৪.৫৫ কোটি টকাৰে অনুষ্ঠিত কৰা হ’ব। অম্বুবাচী মহাযোগলৈ চৰকাৰে আৰ্থিক অনুদান দিয়ে যদিও ইয়াৰ সম্পূৰ্ণ কাম-কাজ কামৰূপ জিলা প্রশাসনে তদাৰক কৰে। পূৰ্বৰ দৰেই এইবাৰো অম্বুবাচী মেলালৈ দেশ-বিদেশৰ কেইবালক্ষ ভক্তৰ সমাগন ঘটিব বুলি আশা প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বহিঃৰাজ্যৰ ভক্তসকলৰ বাবে ৪টা শিবিৰ স্থাপন কৰা হ’ব। অৱশ্যে ভক্তৰ সংখ্যা বৃদ্ধি পালে এই শিবিৰৰ সংখ্যাও বৃদ্ধি কৰা হ’ব। অম্বুবাচীৰ সময়ছোৱাত ভক্তসকলক মন্দিৰলৈ জোতা-ছেণ্ডেল পৰিধান কৰি নাযাবলৈও তেওঁ আহ্বান জনাইছে। জোতা-ছেণ্ডেলৰ পৰিৱৰ্তে মোজা পিন্ধি আহিবলৈ ভক্তসকলক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে ভক্তসকলৰ সুবিধা হোৱাকৈ কামাখ্যাৰ মূল গেটৰ পৰা পথত কার্পেট পাৰি দিয়া হ’ব। ইয়াৰ সমান্তৰালভাৱে ঠায়ে ঠায়ে খোৱাপানীৰো ব্যৱস্থা কৰা হ’ব। কামাখ্যাৰ মূল পথৰ লগতে পাণ্ডুৰে নিৰ্মিত নতুন পথেৰেও ভক্ত অম্বুবাচীলৈ আহিব পাৰিব। অৱশ্যে বতৰ বেয়া হ’লে পাণ্ডুৰ পথ বন্ধ কৰা হ’ব। অম্বুবাচী মহাযোগৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা, যাতায়াত, সমাগম নিয়ন্ত্রণ, পানী যোগান, উপযুক্ত পোহৰ আদিকে ধৰি সকলো ব্যৱস্থা নিৰ্ধাৰিত সময়ৰ পূৰ্বে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। এইবাৰো অম্বুবাচী নিবৃত্তিৰ অন্তত মন্দিৰৰ দুৱাৰ খোলাৰ সময়ছোৱাত ভিআইপি অথবা ভিভিআইপি দর্শনৰ ব্যৱস্থা নাথাকিব। অহা ২৬ আৰু ২৭জুনত মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰদান কৰা ৫০০ টকীয়া বিশেষ অনুমতি পত্ৰৰ ব্যৱস্থাও বন্ধ থাকিব। সাধাৰণ শাৰীৰে আহিহে ভক্তসকলে এই দুয়োটা দিনতে মা কামাখ্যাৰ আশিস ল’ব পাৰিব।