বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চি য়ে সোমবাৰে মহিলা এদিনীয়া বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণৰ দিন আৰু স্থান ঘোষণা কৰে ৷ ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব ৷ ইয়াৰ সকলো খেল ভাৰত আৰু শ্ৰীলংকাৰ পাঁচটা স্থানত অনুষ্ঠিত হ’ব ৷ আই চি চিৰ এক বিবৃতি অনুসৰি বিশ্বকাপৰ স্থান হ’ব এম চিন্নাস্বামী ষ্টেডিয়াম (বেংগালুৰু), অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম (গুৱাহাটী), হোলকাৰ ষ্টেডিয়াম (ইন্দোৰ), এ চি এ-ভি ডি চি এ ষ্টেডিয়াম (বিশাখাপট্টনম) আৰু আৰ প্ৰেমদাছা ষ্টেডিয়াম (কলম্বো) ৷ সুদীৰ্ঘ ১২ বছৰৰ পাছত মহিলা ক্ৰিকেট বিশ্বকাপ দেশলৈ ঘূৰি অহাৰ সময়তে অহা ৩০ ছেপ্টেম্বৰত বেংগালুৰুত ভাৰতক লৈ অনুষ্ঠিত হ’বলগীয়া ব্লকবাষ্টাৰ মেচৰ জৰিয়তে এই অনুষ্ঠান শুভাৰম্ভ হ’ব। অহা ২৯ অক্টোবৰত গুৱাহাটী বা কলম্বোত অনুষ্ঠিত হ’ব প্ৰথমখন ছেমি ফাইনেল, পিছদিনা ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল। ইয়াৰ পিছত ফাইনেলিষ্ট দুয়োটা দলে খিতাপ নিৰ্ণায়কৰ বাবে প্ৰস্তুতি চলাবলৈ কমেও দুদিন সময় পাব আৰু ২০২৫ চনৰ মহিলা বিশ্বকাপৰ ফাইনেল ২ নৱেম্বৰ দেওবাৰে বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব। মহিলা ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰিবলগীয়া ৮টা দল ক্ৰমে- ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তান। ইয়াৰ সমান্তৰালকৈ আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ দিন আৰু স্থানো ঘোষণা কৰিছে আই চি চিয়ে ৷ অহা ১২ জুনত বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ প্ৰথমখন খেল আৰু আয়োজক ইংলেণ্ডে প্ৰতিযোগিতাখনৰ আৰম্ভণি কৰিব ৷ লণ্ডনৰ অ’ভেলত ক্ৰমে ৩০ জুন আৰু ২ জুলাইত দুয়োখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব ৷ আনহাতে ৫ জুলাইত আইকনিক লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব ফাইনেল ৷ ইংলেণ্ডৰ অল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰ, লিডছৰ হেডিংলি, বাৰ্মিংহামৰ এডগবাষ্টন, চাউথমপটনৰ হেম্পশ্বাৰ বাউল, ব্রিষ্টলৰ ব্রিষ্টল কাউন্টি খেলপথাৰ আৰু লণ্ডনৰ দ্য অ’ভাল এণ্ড লর্ডছকে ধৰি ইংলেণ্ডৰ ৭টা ভিন্ন স্থানত ৩৩খন খেল অনুষ্ঠিত হ’ব৷ এইটোৱেই হৈছে বৰ্তমানলৈকে হোৱা মহিলা টি-২০ বিশ্বকাপৰ আটাইতকৈ ডাঙৰ সংস্কৰণ, য’ত ১২টা দলে এই আকাংক্ষিত ট্ৰফীৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷ আয়োজক ইংলেণ্ড, অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ আৰু ডিফেণ্ডিং চেম্পিয়ন নিউজিলেণ্ডকে ধৰি ৮টা দলে ইতিমধ্যে প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে অহা বছৰ কোৱালিফায়াৰৰ জৰিয়তে আৰু চাৰিটা দল তেওঁলোকৰ সৈতে যোগদান কৰিব ৷