এজাৰৰ হাঁহিত সতেজৰ বোল – যমুনা দুলু বৈশ্য

এজাৰৰ হাঁহিত সতেজৰ বোল

যমুনা দুলু বৈশ্য,শুৱালকুছি

এজাৰৰ হাঁহিত কল্পনাৰ ৰহণ
থোপাথুপি এজাৰৰ ফুলৰ হাঁহিবোৰে
একা-বেঁকা কেঁকুৰিৰে
মনত গুজি দিয়ে সপোনৰ কোলাহ’ল
ৰ’দে বৰষুণে বুকুত হেঁচা দি ধৰা
এক আদিম পৰিচয়ৰে
দিকচৌ আলিয়েদি বাৰিষাৰ ঢল
ক্ষন্তেকীয়া সময়ৰ সৈতে
জোন গ’লা তৰাবচা নীলিমাত
সুধিবলৈ মনভৰাই দিয়া
আপোন ঠিকন হেৰাই যায়
দুখক পৰাস্ত কৰি সুখক জয় কৰা
চিত্ৰকল্পৰে আঁকি দিয়া মানৱতাৰ আচল ৰূপ
অবাস্তৱৰ কলুস-কালিমাৰে অংকুৰিত হোৱা
আনক সুখী কৰিবলৈ গৈ নিজকে হেৰুৱাই
হেঁপাহৰ বৰঘৰ সাঁজি
অফুৰন্ত ভালপোৱাৰ চিন ।