সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নাগৰিক সভা

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নাগৰিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ মাছখোৱাস্হিত সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আজি সদৌ অসম সংখ্যলঘু ছাত্ৰ সন্থাৰ উদ্যোগত, প্ৰায় ৬ টা মান সংগঠনৰ সন্মিলিত ভাবে বৰ্তমান অসমৰ সামগ্ৰিক ৰাজনৈতিক পৰিস্থিতি বিশেষকৈ অসম চৰকাৰে অমানৱীয় ভাবে ভাৰতীয় নাগৰিকক বাংলাদেশী বিদেশী সজাই হাৰাশাস্তি কৰা সন্দৰ্ভত এখন নাগৰিক সভা অনুষ্ঠিত কৰে। উক্ত সভাত কেবাজনো বিশিষ্ট ব্যক্তিয়ে কয় যে, ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি বিজেপি চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্য লাভা লাভৰ বাবে এটা নিৰ্দিষ্ট জনগোষ্ঠী, ধৰ্মীয় সংখ্যালঘু লোকক আক্ৰমণৰ লক্ষ্য হিচাবে লৈ নীৰিহ ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰিবলৈ সঁকিয়াই দিয়ে। ন্যায়ালয়ে গঠন কৰি দিয়া ৪ গৰাকী অধিবক্তাৰ দ্বাৰা গঠিত কমিটীৰ অজ্ঞাতে, আজি কিছু দিন আগতে কেইগৰাকী মান ব্যক্তিক দুখন ৰাষ্ট্ৰৰ কোনো আইনী ব্যৱস্থাৰ যোগেদি বিদেশী নাগৰিকক বিতাৰিত নকৰি গৰু ছাগলীৰ দৰে সীমান্ত পাৰ কৰি থৈ অহা কাৰ্য্যক ধ্বিক্কাৰ দিয়ে।সঠিক ভাবে বিদেশী বুলি চিনাক্ত নোহোৱাৰ পিছতো ভাৰতীয় নাগৰিকক ডিটেনচন কেম্পত ৰখা, এন আঁৰ চি সংক্ৰান্তটো তেওঁলোকে কটু ভাবে চৰকাৰক সমালোচনা কৰে। এইখন চৰকাৰে ইচ্ছাকৃত ভাবে এখন শুদ্ধ এন আঁৰ চি প্ৰস্তুত কৰি উলিয়াব বিচৰা নাই। তেওঁলোকৰ দাবী, চৰকাৰে যি কোনো পৰিস্থিতিতে নহওঁক কিয় এখন শুদ্ধ এন আঁৰ চি প্ৰস্তুত কৰিবই লাগিব। ১৯৭১ চনৰ মাৰ্চ মাহলৈকে ভিত্তি বৰ্ষ হিচাবে অসমৰ সকলো দল সংগঠন ৰাইজে বিদেশী বিতাৰণ মানি লৈছে যেতিয়া, ইয়াক আখৰে আখৰে পালন কৰাটো চৰকাৰৰ দায়িত্ব আৰু ১৯৭১ চনৰ সকলো বিদেশী নাগৰিকক বহিষ্কাৰ কৰিবই লাগিব। ইয়াত কোনো আপোচ কৰা নহ’ব। কিন্ত্ত এইদৰে ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা সহ্য কৰা নহ’ব বুলি তেওঁলোকে হুংকাৰ দিয়ে। সভাত তেওঁলোকে ১২ টা প্ৰস্তাৱ গ্ৰহণ কৰে। অহা ইং ৪ জুন ২০২৫ ত চচল ধৰ্ণা স্থলীত তেওঁলোকে এক প্ৰতিবাদী কাৰ্য্যসূচী সাব্যস্ত কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। তেওঁলোকে অসমৰ বিভিন্ন দল সংগঠন, বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি গুৱাহাটীত আন এখন ৰাজহুৱা সভা আহ্বান কৰিব আৰু পৰ্য্যায় ক্ৰমে ৪ খন জিলা ক্ৰমে বৰপেটা, কোকৰাঝাৰ, নগাঁও আৰু কৰিমগঞ্জ জিলাটো প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আজিৰ সভাত চিভিল ছছাইটি তথা কংগ্ৰেছ নেতা, অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰী, সম্পাদক মছদ্দৰ হুছেইন,ডঃ আব্দুল মান্নান, আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, সম্পাদক মিন্নাতুল ইছলাম, উপদেষ্টা ইমতাজ আলি, জমিয়ট উলেমাৰ সভাপতি জনাইড খালিদ, নেমচুৰ সভাপতি বদৰুল ইছলাম, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ম: আলি খলিফা, আঁৰ এম চি(বি টি চি) আব্দুল আৱাল মণ্ডল, জমিয়ট উলেমা হিন্দৰ তাৰিক আঁনচাৰি, এ বি এম চু(বি টি এ দি) টাইছন হুছেইন, সচেটন সমাজৰ মেহদী আলম বৰা, ছাহজাহান আলী তালুকদাৰ, নুৰ আহমেদ, সাংবাদিক দিলোৱৰ হুছেইন, ৰাষ্ট্ৰীয় সাংবাদিক আফ্ৰিডা হুছেইন, ৰাইজৰ দলৰ সম্পাদক ৰাছেল হুছেইনকে আদি কৰি অসমৰ বিভিন্ন জিলাৰ, ক্ৰমে দৰং, তামুলপুৰ, বাক্সা, ওদালগুৰি, কোকৰাঝাৰ, বঙাইগাঁও,চিৰাং, মৰিগাঁও, নগাঁও, বৰপেটা, দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা ইত্যাদি ঠাইৰ প্ৰায় ৯০ গৰাকী বিষয় ববীয়াই অংশগ্ৰহণ কৰে।