ডিব্ৰুগড়ত ‘প্ৰতিশ্ৰুতি’ৰ উদ্যোগত বিশ্ব ধপাঁত বিৰোধী দিৱস পালন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব ধপাঁত বিৰোধী দিৱস উপলক্ষে প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’য়ে (৩১-৫-২০২৫) বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, ডিব্ৰুগড় আৰু এছচিয়েশন অফ অংক’লজিষ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়াৰ সহযোগত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ‘মা কামাখ্যা প্ৰেক্ষাগৃহ’ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত হয়। বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী পৰিণীতাৰ মংগলাচৰণেৰে সভাৰ শুভাৰম্ভ কৰা সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক অচিন্ত্য গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰি কয় যে যি লক্ষ্যৰে সভাখন অনুষ্ঠিত কৰা হৈছে এইয়া মাত্ৰ আৰম্ভণিহে। ধপাঁত বিৰোধী সংগ্ৰাম ইয়াৰ পাছতো নিৰৱিচ্ছিন্নভাৱে চলি থাকিব লাগিব। সভাখন আঁত ধৰি পৰিচালনা কৰে ‘প্ৰতিশ্ৰুতি’ৰ কাৰ্যবাহী সদস্য পদুম পোনা বৰুৱাই। ধপাঁত ব্যৱহাৰৰ ফলত হ’ব পৰা শাৰীৰিক ক্ষতি সম্পৰ্কে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ সহায়েৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিস্তাৰিতভাৱে ডাঃ ফৌজিয়া চিৰিণ হেকিমে বাখ্যা আগবঢ়ায়। ‘প্ৰতিশ্ৰুতি’ৰ অবৈতনিক প্ৰকল্প সঞ্চালক ডাঃ গায়ত্ৰী গগৈয়ে ধপাঁত দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ছাত্ৰীসকলক জৰায়ু কেন্সাৰ প্ৰতিৰোধী এইচপিভি ভেকছিন গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাই দিয়ে। ‘প্ৰতিশ্ৰুতি’য়ে ৰেহাই মূল্যত এই ভেকচিন প্ৰদান কৰি থকাৰ কথা জানিবলৈ দি ছাত্ৰীসকলক নিজা অভিভাৱকক জনাবলৈ অনুৰোধ কৰে আৰু বিদ্যালয় কৰ্তৃপক্ষক এই বিষয়ত যোগাযোগ আগবঢ়াই নিবলৈ আহ্বান জনায়। স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা (মেম’গ্ৰাফী) কৰাবলৈও শিক্ষয়িত্ৰী তথা আন মহিলা কৰ্মচাৰী সকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। অসম কেন্সাৰ কেয়াৰ চেণ্টাৰৰ ডিব্ৰুগড়ৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ ডানকান খনিকৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ধপাঁত জাতীয় যিকোনো সামগ্ৰী ব্যৱহাৰৰ ফলত কৰ্কট ৰোগ কেনেকৈ বাঢ়ে বা পোখা মেলাৰ সুবিধা পায়, তাক আকৰ্ষণীয়ভাৱে দুটামান খেলৰ যোগেৰে বুজাই দিয়ে। তেখেতৰ ধপাঁত আৰু কৰ্কট সম্পৰ্কীয় বাখ্যাই সকলোকে অভিভূত কৰে। সভাত বিষয়টোৰ সম্পর্কত ছাত্ৰ ছাত্ৰীসকলৰ মাজত একক কুইজ অনুষ্ঠিত কৰা হয়। তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ আৰু ধপাঁতৰ অপকাৰিতা দিশৰ ওপৰত থকা সম্যক জ্ঞানৰ প্ৰদৰ্শনে সভাত উপস্হিত সকলোকে আপ্লুত কৰে। কুইজ পৰিচালনাত ‘প্ৰতিশ্ৰুতি’ৰ সম্পাদিকা পান্না ভৰালী আৰু সদস্যা অস্মিতা কলিতাই সহযোগ কৰে।আনহাতে উক্ত সভাতে বিদ্যালয়ৰ সপ্তমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজন কৰা ধপাঁত জাতীয় সামগ্ৰীৰ স্বাস্থ্য তথা সমাজৰ ওপৰত পৰা কু-প্ৰভাৱ বিষয়ক এখন ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। প্ৰথম স্হান প্ৰাপ্ত নৱম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা দত্তক নগদ এহেজাৰ টকা, মানপত্ৰ আৰু কিতাপ, দ্বিতীয় স্থান প্ৰাপ্ত দশম শ্ৰেণীৰ ছাত্ৰ নীৰৱজোতি বৰুৱাক নগদ সাতশ টকা, মানপত্ৰ আৰু কিতাপ, তৃতীয় স্হানপ্ৰাপ্ত অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰিয়াংশু ঘোষ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ পদ্মশ্ৰী দাসক মানপত্ৰ, কিতাপ আৰু প্ৰতিজনকে নগদ তিনিশ টকাকৈ প্ৰদান কৰা হয়। বৈশিখা পাল (অষ্টম শ্ৰেণী), অভয় দাস (দশম শ্ৰেণী), মীমাংসা কাশ্যপ (অষ্টম শ্ৰেণী) আৰু ঈশান গোস্বামী (দশম শ্ৰেণী) ক উদগণিমূলক বঁটাৰূপে মানপত্ৰ আৰু কিতাপ প্ৰদান কৰা হয়। এই বঁটা তথা উপহাৰসমুহ আগবঢ়ায় ডাঃ ডানকান খনিকৰে। অনুষ্ঠানত ‘প্ৰতিশ্ৰুতি’ৰ তৰফৰ পৰা উপ-সভাপতি দীপালী শইকীয়া, সদস্য ডাঃ প্ৰবীণ ঠাকুৰ, কোষাধ্যক্ষ মঞ্জুলা আগৰৱাল, কৰবী হাজৰিকা, মুনমী ফুকন, মৌচুমী গগৈ উপস্হিত থাকে। ‘প্ৰতিশ্ৰুতি’ৰ সদস্যা দীপিকা দত্ত বৰদলৈয়ে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটি শিক্ষয়িত্ৰী পৰিণীতাৰ সংস্কৃত স্তোত্ৰ পাঠেৰে সভাৰ সামৰণি পেলোৱা হয়।