এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ অন্তিমদিনা ৫টা পদক অর্জন ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কোৰিয়াৰ গুমিত চলি থকা ২৬সংখ্যক এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ অন্তিমদিনাও ভাৰতে দুটা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদকসহ মুঠ ৫টা পদক লাভ কৰে। প্রতিযোগিতাখনত ১৯টা স্বর্ণ, ৯টা ৰূপ আৰু ৪টা ব্রঞ্জসহ মুঠ ২৪টা পদক লাভ কৰি পদক তালিকাৰ দ্বিতীয় স্থান অধিকাৰ কৰে ভাৰতে। অন্তিমদিনা ভাৰতৰ হৈ ৰূপৰ পদক জয় কৰে পাৰুল চৌধাৰী আৰু শচীন যাদবে। মহিলাৰ ৫ হাজাৰ মিটাৰ ষ্টেপলচেজত ১৫ মিনিট ১৫.৩৩ ছেকেণ্ডেৰে দ্বিতীয় স্থান অধিকাৰ কৰি পাৰুলে ৰূপৰ পদক জয় কৰে। ইফালে পুৰুষৰ জেভলিন থ্র’ত শচীন যাদবে ৮৫.১৬ মিটাৰ থ্র’ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে আৰু ৰূপৰ পদক জয় কৰে। আনহাতে পুৰুষৰ ২০০ মিটাৰ দৌৰত ভাৰতৰ অনিমেষ কুজুৰে ব্ৰঞ্জৰ পদক জয় কৰে। নিজৰেই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি অনিমেষে ২০.৩২ ছেকেণ্ডত নির্দিষ্ট দূৰত্ব অতিক্ৰম কৰি তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছত ভিত্যই ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে মহিলাৰ ৮০০ মিটাৰত ব্ৰঞ্জৰ পদক জয় কৰে পূজাই।