কৃত্ৰিম বান-ভূমিস্খলনত গুৱাহাটী মহানগৰীত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি 

কৃত্ৰিম বান-ভূমিস্খলনত গুৱাহাটী মহানগৰীত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি 

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বান আৰু ভূমিস্খলনত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটীৰ ৰুক্মিণীগাঁও, সাতগাঁও, পাঞ্জাবাৰী, অনিল নগৰ, নবীন নগৰ, বৰাগাঁও, হাতীগাঁও, ছার্ভে, চানমাৰি, মালিগাঁৱকে ধৰি বিভিন্ন স্থানত বাস কৰা লোকসকলে কৃত্রিম বানত  দুর্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে। মহানগৰীত কৃত্রিম বানৰ ফলত উক্ত অঞ্চলকেইটাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ মালিগাঁও, দঁতালপাৰা, কামাখ্যা, বোন্দা ছপাইদঙত সংঘটিত ভূমিস্খলনত শিশুসহ ৫জনকৈ লোকৰ মৃত্যু হয়। কৃত্রিম বানত বিধ্বস্ত অঞ্চলসমূহত মহানগৰ জিলা প্রশাসন আৰু এছডিআৰএফে উদ্ধাৰ অভিযান চলোৱাৰ লগতে বন্যার্তক খাদ্য-সামগ্রীও বিতৰণ কৰে। শনিবাৰে বতৰ কিছু ফৰকাল হ’লেও ৰুক্মিণীগাঁও, সাতগাঁও, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও আদি অঞ্চলত পানী কিছু পৰিমাণে হ্রাস পালেও বান পৰিস্থিতি জটিল হৈয়ে আছে। ৰুক্মিণীগাঁৱত শনিবাৰে এজন লোকৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকে প্ৰশাসনৰ পৰা কোনো সহায় লাভ নকৰাত কলৰ ভূঁৰ সাজি লোকজনৰ মৃতদেহ সৎকাৰৰ বাবে আনিবলগীয়া হোৱা দৃশ্যই সকলোকে মর্মাহত কৰি তোলে। এছডিআৰএফ আৰু জিলা প্রশাসনে ৰুক্মিণীগাঁও, অনিল নগৰ, নবীন নগৰ, হাতীগাঁৱত ৰবৰ ব’টেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখে। মহানগৰ আৰক্ষী, জিলা প্রশাসন আৰু দল-সংগঠনৰ লোকেও আজি কৃত্রিম বানত বিধ্বস্ত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানী আৰু খাদ্য-সামগ্রী বিতৰণ কৰে। কৃত্ৰিম বানৰ বাবে মহানগৰীত সৃষ্টি হোৱা অবর্ণনীয় পৰিস্থিতিৰ মাজেৰে বান বিধ্বস্ত অঞ্চলসমূহত বাস কৰা লোকসকলে জীৱন যাপন কৰিবলগীয়া হৈছে। কৃত্রিম বানৰ ফলত সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ ১০০টা ট্রেন্সফৰ্মাৰত বিদ্যুৎ যোগান বন্ধ ৰখাত অন্ধকাৰত ডুব যায় বহু অঞ্চল। বিদ্যুৎ যোগান ব্যাহত হৈ পৰাত উক্ত অঞ্চলসমূহত বাস কৰা লোকসকলে খোৱাপানীকে ধৰি বিভিন্ন সমস্যাৰ মাজেৰে নিশা অতিবাহিত কৰিবলগীয়া হয়। কৃত্রিম বান-ভূমিস্খলন আৰু ঠায়ে ঠায়ে গছ বাগৰি পৰাত  মহানগৰীৰ বহু অঞ্চলত ব্যাহত হৈ আছে বিদ্যুৎ যোগান।