অস্তিত্ব আৰু কিছু চিন্তা
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
“নহয় কেনি হানি জগতৰ
মোৰ অনুপস্থিত, মোৰ মৃত্যুত
দিৱস নিশা থাকিব একে
নহয় পৰিৱৰ্তন এটি ধূলিৰো
সূৰুযে বিলাব কিৰণ
আদৰৰ জোনটিয়ে
কোমল জ্যোতি সানি আদৰিব
আলসুৱা বসুন্ধৰাক।”
জীৱন জীৱন কৰি আমি মতলীয়া,এদিন হয়তো এই জীৱনে আমাক অস্তিত্বহীন কৰিব। অন্তপৰা মম কিম্বা কচুপাতৰ পানীৰ অস্তিত্বৰ দৰে আমাৰো যে অস্তিত্ব নাথাকিব সেয়াই সত্য। ক’ৰ পৰা আহিলোঁ, বৰ্তমান এই খন ৰঙ্গমঞ্চত কত অভিনয় কৰি জীয়াই আছোঁ আৰু কিছুদিন পিছত গুচি যাব লাগিব এইখনি সৌষ্ঠৱ ধৰা এৰি। জীয়াই থকা সময়ত যি তিতা, কেহা, মিঠা ইত্যাদি অভিজ্ঞতা অর্জন কৰিলোঁ, সেয়াওঁ সময়ৰ সোঁতত ক’ৰবাত উঠি ভাঁহি যাব। সঁচা অৰ্থত সময় বৰ নিষ্ঠুৰ, অপেক্ষা নকৰে, বাদ বিচাৰোঁ নকৰে, কেৱল মাথোঁ আগুৱাই যায়।
“সৱে ৰ’ব পৰি
বিমুগ্ধ মায়া বজাৰত
নাই ঠিকনা, নাই পৰমান
কত পিছল বাটেৰে গৈছোঁ আগুৱাই
কত বক্ৰপথে গঢ়িছোঁ
সুশোভিত উদ্যান।”
জীৱনত সফলতাৰ বাবে আমি বহু কিবাই কৰোঁ। এই সফলতাৰ কাৰণে কেতিয়াবা চিধা পথৰ পৰা বাগৰি বক্ৰ পথলৈ পৰ্যন্ত যোৱা হয়। হয় এনেদৰে বহু সফলতা হয়, কিন্তু সেয়া জানোঁ শান্তি আনিব পাৰে। আমি সকলোৱে এটা কথা অৱগত যে, সম্পত্তি আৰু শান্তি দুয়োটা বেলেগ বেলেগ। কাৰোবাৰ অনেক সম্পত্তি থাকিব পাৰে কিন্তু সুখ বুলিবলৈ একো নাই। আমাৰ চকুৰ আগত এনে বহু উদাহৰণ নথকা নহয়। মই দুই বছৰ আগতে গুৱাহাটীৰ এজন ডাঙৰ মানুহক লগ পাইছিলোঁ, কথোপকথন হৈছিল। তেখেতৰ কথাত মই স্পষ্ট বুজিব পাৰিছিলোঁ যে, তেখেতৰ সুখ একেবাৰেই নাই। তেখেত বহু ধনী ব্যক্তি কিন্তু বিভিন্ন দূৰাৰোগ্য বেমাৰত তেখেত বৰ কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিছে। যিকি নহওক কিয়, জীৱনত সম্পত্তি অথবা নামে একো কৰিব নোৱাৰে যদিও এই অস্থায়ী জীৱনক মহান কামেৰে কিন্তু অমৰ কৰি ৰাখিব পাৰি। আমি বিশ্বৰ মহান ব্যক্তিসকলৰ বিষয়ে অৱগত। আমি জীৱনক সফল কৰিবলৈ-মই নোৱাৰিম,মানুহে কি ক’ব,মোৰ মন নাই,মোৰ কপাল বেয়া,মোৰ বোধহয় হৈ নুঠিব ইত্যাদি কথাবোৰ পৰিহাৰ কৰি পৰিশ্ৰম আৰু ধৈর্য ও সহ্যৰ মাজেৰে নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাব লাগে।
“মিছলীয়া ৰঙ্গমঞ্চই হাত বাউলি মাতিব
মৰণৰ সন্ধিক্ষণত
প্ৰতিটো পল-অণুপলৰ ভাৱনাই জোকাৰিব
মন-মগজুৰ শিৰে শিৰে
হিয়া বিদাৰি কোনোবাই চকুলো মুচিব
স্মৃতি হৈ কিছুদিন থাকিব মোৰ নাম মোৰ কাম
নিষ্ঠুৰ সময়ে তাকো হয়তো কৰিব অস্তিত্বহীন।”
সফলতা অর্জন কৰি হওঁক কিম্বা অসফল ব্যক্তি হওঁক সকলোৱে এদিন পৰাজয় বৰণ কৰে মৃত্যুৰ সৈতে। মৃত্যুক কোনোকালে পৰাভূত কৰা যে জীৱশ্ৰেষ্ঠ মানৱৰোঁ সাধ্যৰ বাহিৰত। এদিন নাছিলোঁ,আজি আছোঁ আৰু এদিন নাথাকিম এই জগতত। এয়াই হয়তো এই জীৱনৰ গতি। কিন্তু এটা কথা স্পষ্ট যে, আমি সময়ৰ বোকোচাত কৰি যোৱা কিছু কাম যুগমীয়া কৰি গ’লে নিশ্চয় পিছৰ প্ৰজন্মই সেইবোৰ স্মৰণ কৰিব, কোনোবাই কল্যাণ কাৰোবাক হিত সাধন অথবা সমাজৰ হিত সাধন কৰি যোৱাটোহে আচল মহান কৰ্ম। অথচ আমি গোটেই জীৱন ব্যস্ত আৰু ব্যস্ত হৈ নিজৰ বাবে বহুত কৰিবলৈ অহোপুৰুষাৰ্থ প্ৰয়াস কৰি গৈছোঁ। বক্ৰ পথৰ পথিক হৈ কত অন্যায় সাধিছোঁ। সেইবোৰ বাৰু কিবা কামত আহিবনে? সৃষ্টিকৰ্তাই আমাক প্ৰেৰণ কৰাৰ হয়তো এক মহান উদ্দেশ্য আছে। আমি তেখেতৰ নিৰ্দেশ মানি দহ কিম্বা দেশৰ উন্নয়ন কৰা। আমি কিন্তু স্বাৰ্থৰ সাগৰত ককবকাই না কৰিব পাৰিছোঁ পৰোপকাৰ না কৰিব পাৰিছোঁ সমাজ কিম্বা দেশ সেৱা।
জীৱৰ মৃত্যু অনিবার্য
হৃদয়ৰ মণিকোঠাত আঁউজি আঁউজি
চহকী কৰোঁ শব্দৰ ভঁৰাল
নহ’বনে অন্ত কাহানিবা
ব্যাসক্ত জীৱনৰ অন্তহীন চাহিদা
কিম্বা স্বপ্নাৱিষ্ট জীৱন নৈখনিৰ গতি?
আমাৰ অস্তিত্বৰ বাবে আমিয়েই যদি কাম নকৰোঁ,তেন্তে কোনেও আমাৰ অস্তিত্ব নোখোজে। সেয়েহে আজিৰ পৰা আমি সংকল্পবদ্ধ হওঁ- অন্তত জীয়াই থকা দিন কেইটা যিমান পাৰি নিজৰ স্বাৰ্থৰ সমানভাবে পৰোপকাৰৰ চিন্তা কৰোঁ। কমপক্ষে আমি ঘৰত খোৱা ফলমূলৰ বীজ সমূহ ৰাজহুৱা স্থানত ৰোপন কৰোঁ, পথৰ কাষে পাৰি যদি বীজ ৰোপনৰ ব্যৱস্থা কৰোঁ, দুখীয়া নিছলাক যিমান পাৰি সহায় কৰোঁ, পাৰি যদি এওঁলোকৰ বিপথৰ সময়ত অকণমান হ’লেও সহায়ৰ হাত আগবঢ়াও, সমাজত কু প্ৰভাৱ পেলাব পৰা যিকোনো কৰ্মৰ পৰা বুজাই পৰাই হ’লেও বাধা আৰোপ কৰা ইত্যাদি ইত্যাদি। আমি যিহেতু জীৱশ্ৰেষ্ঠ, সেয়েহে ইচ্ছা কৰিলে আমি বহু কিবাই কল্যাণকৰ কাম কৰিব পাৰি।