ৰৈ যোৱা না…..
-তৃষ্ণা চক্রবর্তী
চকুপানী বোৰে জানো ক’ব
তোমাক ভাল পাওঁ কিমান?
তুমি বুজি থ’বা
মৰমৰ পৰিসৰ যিমান।
তোমাৰ স্মৃতিৰ
মালা গাঁথি থম,
ৰৈ যোৱা না …….
মই তোমাৰ হৈ ৰ’ম।
নোৱাৰোঁ জানা কান্দিবলে
চকু যুৰী বৰকে বিষাইছে,
ভালপোৱাৰ জানো আৰু
তোমাক প্রমাণ লাগে।