দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ।গৃহমন্ত্ৰীৰ চৰকাৰী বাসভৱনত হোৱা সাক্ষাৎকালত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰে।  আলোচনাকালত মুখ্যমন্ত্রীজনে কেন্দ্রীয় গৃহমন্ত্রী অমিত  শ্বাহক অসমৰ বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰি শেহতীয়াকৈ সমাপ্ত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত এনডিএৰ বৃহত জয় সন্দৰ্ভত আলোচনাত মিলিত হয়। সাক্ষাৎকালত মুখ্যমন্ত্রীজনে বাঁওপন্থী উগ্রবাদ দমনৰ ক্ষেত্ৰত চৰকাৰে লাভ কৰা গুৰুত্বপূৰ্ণ সফলতাৰ বাবে গৃহমন্ত্রীজনক অভিনন্দন জনায়। আনহাতে, অমিত শ্বাহে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি তথা এনডিএৰ বিপুল জয়ৰ বাবে মুখ্যমন্ত্রী ড° শর্মাক অভিনন্দন জ্ঞাপন কৰে। নিজৰ সামাজিক মাধ্যমত মুখ্যমন্ত্রীজনে এই কথা বিষয়ে অৱগত কৰি লিখিছে- আজি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰোঁ। সাক্ষাৎকালত মই অসম সম্পর্কীয় বিভিন্ন বিষয়ৰ লগতে সম্প্রতি অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নির্বাচনত এনডিএৰ বৃহৎ জয় সন্দৰ্ভতো তেওঁৰ সৈতে আলোচনা কৰোঁ। এই সুযোগত মাওবাদী নির্মূলৰ ক্ষেত্ৰত লোৱা পদক্ষেপ আৰু ইয়াৰ ফলত শান্তিৰ দিশ সূচনা হোৱা বৃহৎ সফলতাৰ বাবেও তেওঁক অভিনন্দন জনাওঁ।