কাশ্মীৰৰ সেনাৰ কেন্টনমেন্টত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান আৰু পাকিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ সমীপৱৰ্তী বাদামীবাগ কেন্টনমেন্টত সেনা জোৱানৰ সৈতে বাৰ্তালাপ কৰে। পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ বিজয়ক লৈ সেনাৰ বীৰত্ব আৰু সাহসক প্রশংসা কৰি সেনাক লৈ দেশবাসী গৌৰৱান্বিত বুলি কয় প্ৰতিৰক্ষা মন্ত্রী সিঙে। পাকিস্তান আৰু পাকিস্তানী সন্ত্রাসবাদীক কঠোৰ সকীয়নি দি প্ৰতিৰক্ষা মন্ত্রী সিঙে কয়- সন্ত্রাসবাদীয়ে ধৰ্মৰ পৰিচয় সুধি হত্যা কৰিছে। আমি কর্ম চাই হত্যা কৰিছোঁ। অপাৰেচন সিন্দtৰৰ সফলতাত সেনাৰ ভূমিকাক প্রশংসা আৰু কৃতজ্ঞতা জনাবলৈ বৃহস্পতিবাৰে পুৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনাৰ বাদামীবাগ কেন্টনমেন্টত উপস্থিত হয়। সেনাৰ সৈতে বাৰ্তালাপত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু নির্দেশনাত অপাৰেচন সিন্দূৰৰ সময়ত সেনাসকলৰ সাহস আৰু বীৰত্বক ভূয়সী প্রশংসা কৰি কয় যে ভাৰতীয় সেনাই কেৱল প্ৰতিৰক্ষাত আত্মনিৰ্ভৰশীলতাকেই প্রমাণিত কৰা নাই, শক্তিশালীভাৱে যে প্রত্যাক্রমণ কৰিব পাৰে, তাকো প্রমাণিত কৰিলে। সন্ত্রাসবিৰোধী অভিযানৰ ইতিহাসত এই অপাৰেচন সিন্দূৰ গুৰুত্বপূৰ্ণ হিচাপে সদায়ে চর্চিত হৈ থাকিব। ইপিনে পাকিস্তানৰ পাৰমাণৱিক ভাণ্ডাৰত ভাৰতে আক্ৰমণ কৰা বুলি দেশখনে কৰা দাবীক নস্যাৎ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আন্তর্জাতিক সমুদায়ৰ দ্বাৰা দেশখনক পাৰমাণৱিক প্রকল্প নিৰীক্ষণ কৰাৰ বাবে দাবী জনায়। পাৰমাণৱিক প্রকল্প সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে বুলি দাবী কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ তথা দুর্বৃত্ত পাকিস্তানৰ হাতত থকা আণবিক অস্ত্রই সমগ্র বিশ্বকেই বিপদত পেলাব পাৰে বুলি বিশ্ব সমুদায়ক এইক্ষেত্রত সজাগ হ’বলৈ আহ্বান জনায়। সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত আত্মবলিদান দিয়া ভাৰতৰ বীৰ জোৱানক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পেহেলগামৰ নিহতৰ প্ৰতিও শ্রদ্ধা জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
