ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অনুষ্ঠিত প্ৰথমখন সম-জিলা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতি”ৰ বৈঠক

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অনুষ্ঠিত প্ৰথমখন সম-জিলা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতি”ৰ বৈঠক
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত  বিক্ৰম কৈৰী আৰু নাহৰকটীয়া সম-জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱাৰ উপস্থিতিত ১৫-৫-২৫ নাহৰকটীয়াস্থিত লোক নিৰ্মাণ পথ বিভাগৰ পৰিদৰ্শন ভৱনৰ সভাগৃহত প্ৰথমখন “সম-জিলা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতি”ৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজহুৱা প্ৰতিষ্ঠান তথা আন্তঃগাঁথনিৰ বাবে চৰকাৰী ভূমি আবণ্টনৰ বাবে লাভ কৰা প্ৰতিবেদনসমূহ উপস্থাপন কৰা হয় আৰু সমিতিয়ে এই প্ৰতিবেদনসমূহ পুংখানুপুংখভাবে নিৰীক্ষণ তথা বিবেচনা কৰি নীতিগতভাবে অনুমোদন জনায়। বৈঠকত নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰৎ গগৈ, চক্ৰ বিষয়া সংলগ্ন মেৰী ৰালচুন, সহকাৰী আয়ুক্ত সেউজ সজীৱ নাথ প্ৰমুখ্যে অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।