পৰকীয়া প্ৰেমৰ বাবেই মহিলাক হত্যাৰ চেষ্টা যুৱকৰ

পৰকীয়া প্ৰেমৰ বাবেই মহিলাক হত্যাৰ চেষ্টা যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰকীয়া প্ৰেমৰ বাবেই মহানগৰীত সংঘটিত হৈছে এটাৰ পাছত আনটো চাঞ্চল্যকৰ ঘটনা।মহানগৰীত এসপ্তাহত সংঘটিত হৈছে চতুৰ্থটো নৃশংস ঘটনা।এইবাৰ ফটাশিল মানপাৰাত পৰকীয়া প্ৰেমৰ বাবেই মহিলাক হত্যাৰ চেষ্টা যুৱকৰ। ৰক্ষকৰ ৰূপত থকা ছিকিউৰিটী গাৰ্ডেই দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলালে বনকৰা মহিলাক। মূৰ আৰু ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী।সম্প্ৰতি সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী। অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত সংঘটিত হৈছে এই নৃশংস ঘটনা। বিগত দুবছৰ ধৰি অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত ছিকিউৰিটী গাৰ্ডৰ কাম কৰি আহিছে আক্ৰমণকাৰী যুৱক দিগন্ত গগৈ।যোৰহাটৰ চেনীজান গাঁৱত ঘৰ দিগন্ত গগৈৰ। অৰ্কিড হিলভিউ এপাৰ্টমেণ্টতে কাম কৰিছিল আঘাতপ্ৰাপ্ত মহিলাগৰাকীয়ে। দুমাহৰ পূৰ্বে চিনাকি হোৱা মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল দিগন্ত গগৈৰ।বুধবাৰে মহিলাগৰাকী পুৱা ৮.৩০ বজাত এপাৰ্টমেণ্টলৈ কাম কৰিবলৈ অহাৰ সময়তে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায় দিগন্ত গগৈয়ে। ইতিমধ্যে ফটাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী দিগন্ত গগৈক। পৰকীয়া প্ৰেমৰ বাবেই সঘনাই সংঘটিত হৈ থকা এনে নৃশংস ঘটনাই এতিয়া উদ্বিগ্ন কৰি তুলিছে সকলোকে।