সিন্ধু জল চুক্তি বাতিল সিদ্ধান্তত হস্তক্ষেপ নকৰে বিশ্ব বেংকে

সিন্ধু জল চুক্তি বাতিল সিদ্ধান্তত হস্তক্ষেপ নকৰে বিশ্ব বেংকে

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ কূটনৈতিক জয়। সিন্ধু জল চুক্তি সম্পন্ন কৰাত উদ্যোগ লোৱা বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই ভাৰতে বাতিল কৰা সিন্ধু জল চুক্তিৰ সিদ্ধান্তত হস্তক্ষেপ নকৰে বুলি ঘোষণা কৰে। বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাৰ এই সিদ্ধান্ত পাকিস্তানৰ ওপৰত মোক্ষম আঘাত।  উল্লেখ্য যে যোৱা ২২ মে’ত জম্মু-কাশ্মীৰ মিনি ছুইজাৰলেণ্ড খ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে ২৫ পর্যটকসহ ২৬ নিৰীহক বৰ্বৰতাৰে হত্যা কৰাৰ পাছতেই ভাৰতে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ কূটনৈতিক সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰ ভিতৰত সিন্ধু জল চুক্তি বাতিলো আছে। ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি সম্পন্ন হৈছিল বিশ্ব বেংকৰ উদ্যোগত। ইয়াৰ পৰিপ্ৰেক্ষিততেই ভাৰতে একপক্ষীয়ভাৱে সিন্ধু জল চুক্তি বাতিল কৰাৰ বাবে ক্ষুণ্ণ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে। আনকি এই সন্দর্ভত বিশ্ব বেংককো অভিযোগ উত্থাপন কৰে। ২৩ এপ্ৰিলত ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰিছে। চুক্তি বাতিল কৰাৰ পাছত বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাৰ পাছত বিশ্ব বেংকৰ অধ্যক্ষ বাংগাই সিন্ধু জল চুক্তি ভাৰতে বাতিল কৰা সন্দৰ্ভত মন্তব্য প্রকাশ কৰিছে। বিশ্ব বেংকৰ অধ্যক্ষ বাংগাই কয় যে, ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰা বিষয়ত আমাৰ কোনো ভূমিকা নাই। আমাৰ ভূমিকা কেৱল এজন সুবিধা প্ৰদানকাৰীৰ, গতিকে আমি এই বিষয়ত হস্তক্ষেপ নকৰোঁ।  উল্লেখ্য যে ১৯৬০ চনত ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্ব বেংকৰ উদ্যোগত সিন্ধু নদী আৰু ইয়াৰ উপ-নদীক লৈ সিন্ধু জল চুক্তি স্বাক্ষৰিত হৈছিল।