ডিব্ৰুগড়ৰ জেউতিমৰল মইনাপাৰিজাতৰ অষ্টম বাৰ্ষিক শিশু সমাৰোহ স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা ভৱনত সম্পন্ন
এম হাছিম আলী.ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চিৰিংচাপৰিস্থিত ‘জেউতিমৰল মইনাপাৰিজাত’ৰ অষ্টম বাৰ্ষিক শিশু সমাৰোহখনি স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হৈ যায়। জেউতি মৰল মইনা পাৰিজাতৰ সভানেত্ৰী তথা ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদিকা মামনি শৰ্মা আৰু জেউতি মৰল মইনা পাৰিজাতৰ সম্পাদিকা জিন্তিমনি শইকীয়াই আঁত ধৰা দিনযোৰা কাৰ্যসূচীৰ পুৱাৰ ভাগত পতাকা উত্তোলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে পাৰিজাতখনৰ মন্ত্ৰীসভাৰ প্ৰধানমন্ত্ৰী মইনা আয়ুশ্ৰী বৰগোহাঁই আৰু সহযোগ কৰে প্ৰাক্তন মইনা আৰোহণ শইকীয়াই।বন্তি প্ৰজ্বলন কৰে মইনা ৰিয়না ভূঞাই,স্মৃতি তৰ্পন কৰে মইনা ভাব্যা বৰুৱা আৰু পুষ্প অৰ্পন কৰে প্ৰাক্তন মইনা অনিন্দিতা শৰ্মাই। মইনাসকলৰ দ্বাৰা হস্তনিৰ্মিত হস্তক’লাৰ এখনি সুন্দৰ প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে মইনা ৰিশিতা গগৈয়ে।মইনাসকলৰ প্ৰতিভা প্ৰদৰ্শনেৰে এটি সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে মইনা অৰুনাভ বৰবৰাই।অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাখনিত স্থানীয় বিশিষ্ট ব্যক্তি সকলৰ লগতে ডিব্ৰুগড় জিলা মইনা পাৰিজাত,ডিব্ৰুগড় আঞ্চলিক মইনা পাৰিজাতৰহৈ ক্ৰমে ৰঞ্জন দত্ত, হিৰণ্য সেনাপতি, পাপৰি শইকীয়া, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদিকা মিনাক্ষী দাস বৰুৱা,বিশিষ্ট গীতিকাৰ মহানন্দ গগৈ,বিশিষ্ট চিত্ৰ শিল্পী নিবেদিতা চুতীয়া আৰু বিশিষ্ট কবি আবৃত্তিকাৰ বিবিজান দত্তৰ লগতে বহুতো গণ্য-মান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মইনাসকলৰ প্ৰতিনিধিত্বত অনুষ্ঠিত মুকলি সভাখনিত সভাপতিত্ব কৰে মইনা উদয় তেজ হাজৰিকাই। নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে অতিথি মইনা বাণীপুৰ মইনা পাৰিজাতৰ ভাৰ্টিকা নেওঁগ আৰু জেউতিমৰল মইনা পাৰিজাতৰ মইনা ক্ৰমে ঋতম ৰাজ হাজৰিকা আৰু নিশ্চিত প্ৰাণ বৰুৱাই মইনাৰ মৌ-মাতত আসন গ্ৰহন কৰে ক্ৰমে মইনা প্ৰাপ্তী দত্ত,পূৰৱী মণ্ডল,আৰ্যনীল নাথ,সমাদৃতা নাথে।সুন্দৰ সুন্দৰ বক্তব্য প্ৰদানেৰে মইনাসকলে সকলোকে আপ্লুত কৰে লগতে জেউতি মৰল মইনা পাৰিজাতৰ পৰিচালক- পৰিচালিকা পৰিমল বৰা আৰু জুলী দত্তৰ নেতৃত্বত অভিভাৱিকাসকল আৰু মইনাসকলে পৰিৱেশন কৰা বৰগীত, দিহানাম, বিয়ানাম আদি পৰিৱেশনে অনুষ্ঠানটি অধিক আকৰ্ষণীয় কৰি তোলে।এই অনুষ্ঠানতে পাৰিজাতখনৰ হাতে লিখা আলোচনী ‘চোতাল’ৰ ২য় সংখ্যা উন্মোচন কৰে ডিব্ৰুগড় জিলা মইনাপাৰিজাতৰ উপসভাপতি ৰঞ্জন দত্তই।২০২৪-২৫ বৰ্ষৰ শ্ৰেষ্ঠ মইনাৰ স্থান লাভ কৰে মইনা ভাব্যা বৰুৱাই। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি যোৱা ২৪ এপ্ৰিল আৰু ২৫ এপ্ৰিল, ২০২৫ তাৰিখে অনুষ্ঠিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক এই সভাতে পুৰস্কাৰসমুহ প্ৰদান কৰা হয়।পাৰিজাতৰ অভিভাৱিকা, পৰিচালিকা সকলৰ দিহা নাম পৰিবেশনে উপস্থিত সকলক মন্ত্ৰমুগ্ধ কৰে। জেউতিমৰল মইনাপাৰিজাতৰ সভানেত্ৰী ,তথা ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদিকা মামনি শৰ্মাই সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই উপস্থিত সকলোকে সহযোগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি মইনা পাৰিজাতখনিৰ উত্তৰণত আৰ্শীষ কামনা কৰে।
