টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ ৰোহিত শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আইপিএল চলি থকাৰ মাজতে তৎকালীনভাৱে কার্যকৰী হোৱাকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই। ৰোহিত শর্মাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি ঘোষণা কৰে যে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা তৎকালীনভাৱে কার্যকৰী হোৱাকৈ অৱসৰ গ্ৰহণ কৰিছে। অৱশ্যে ৰোহিতক এদিনীয়া ক্রিকেটত দেখা যাব।পোষ্টটো ৰোহিতে লিখিছে-মই সকলোকে জনাব বিচাৰিছোঁ যে মই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছো। বগা জাছী পিন্ধি দেশৰ হৈ খেলাটো মোৰ বাবে এক সন্মান। বছৰ বছৰ ধৰি সকলো মৰম আৰু সমর্থনৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। মই ভাৰতৰ হৈ এদিনীয়া ফর্মেটত খেলি যাম। যোৱা বছৰ ঘৰৰ মাটিত নিউজিলেণ্ড আৰু ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ৰোহিত শৰ্মাৰ আছিল হতাশাজনক প্রদর্শন। অষ্ট্ৰেলিয়া ভ্ৰমণৰ ছিডনীত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টেষ্টৰ বাবে ৰোহিতক টীম ইণ্ডিয়াৰ মূল একাদশৰ পৰা আঁতৰাই ৰখা হৈছিল। উক্ত সময়ৰ পৰাই আৰম্ভ হৈছিল ৰোহিত শৰ্মাৰ অৱসৰ সন্দৰ্ভত জল্পনা-কল্পনা। ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলটোক নতুন অধিনায়কে নেতৃত্ব দিব বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতেই ৰোহিত শৰ্মাই টেষ্ট ক্রিকেটক বিদায় জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন কৰিবলগীয়া যে বিগত ১০খন টেষ্টত ৰোহিত শৰ্মাৰ প্ৰদৰ্শন আছিল পুতৌজনক। টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে বিগত ১০খন টেষ্টত মাত্র ১৬৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ৩৮ বছৰীয়া ৰোহিত শর্মাই টীম ইণ্ডিয়াক ৬৭খন টেষ্টত প্রতিনিধিত্ব কৰিছিল। ২০১৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটা ৰোহিত শর্মাই বিগত বৰ্ষৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টেই আছিল কেৰিয়াৰৰ অন্তিমখন টেষ্ট। ৬৭খন টেষ্টত ১২টা শতকেৰে ৪,৩০১ ৰান কৰা ৰোহিত শৰ্মাই ২৪খন টেষ্টত ভাৰতীয় দলটোক নেতৃত্ব দিছিল। ইয়াৰে ১২খনত জয়ৰ মুখ দেখাৰ বিপৰীতে ৯খনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছিল।