দেশৰ জনগণৰ ঐক্য আৰু সংহতি যাতে অটুত থাকেঃচি পি আই এম
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় সেনা বাহিনীয়ে পাক অধিকৃত কাশ্মীৰ (পিঅ’কে) আৰু পাকিস্তানত সন্ত্ৰাসবাদী শিবিৰ আৰু তেওঁলোকৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ লক্ষ্যৰে অপাৰেশ্যন সেন্দুৰ কৰিলে। সেনা বাহিনীৰ বক্তব্য অনুসৰি এই আক্ৰমণসমূহ সুনিৰ্দিষ্ট, সংযত আৰু অসম্প্ৰসাৰণশীল(non-escalatory) ধৰণৰ আছিল আৰু নটা ঠাইত সফলতাৰে সম্পন্ন কৰা হৈছিল।কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকত সকলো ৰাজনৈতিক দলে সন্ত্ৰাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল।এই পদক্ষেপসমূহৰ লগতে পাহলগামত নিৰীহ লোকৰ গণহত্যাৰ বাবে দায়ী ব্যক্তিসকলক হস্তান্তৰ কৰিবলৈ পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰা আৰু পাকিস্তানৰ ভূখণ্ডৰ পৰা যাতে কোনো সন্ত্ৰাসবাদী শিবিৰ চলিব নোৱাৰে তাৰ নিশ্চয়তা প্ৰদানৰ বাবে অবিৰত চাপ প্ৰয়োগ কৰা উচিত। দেশৰ জনগণৰ ঐক্য আৰু সংহতি যাতে অটুট থাকে, সেয়া ভাৰত চৰকাৰে নিশ্চিত কৰা উচিত।