লোকসেৱা ভৱনত কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা সভা
ৰঙিলী বাৰ্ত্তাসেৱা– লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰস্তাৱিত ন্যায়িক চৌহদৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰে৷ উক্ত বৈঠকত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন, কাৰ্যালয় ভৱন, ‘বাৰ কাউঞ্চিল’ ভৱন, অডিট’ৰিয়াম ব্লক, ন্যায়াধীশসকলৰ আৱাস, বিষয়া-কৰ্মচাৰীসকলৰ বাসভৱন, বাট-পথ নিৰ্মাণ আদিকে ধৰি প্ৰস্তাৱিত মাষ্টাৰ প্লেনখনৰ বিভিন্ন দিশত আলোচনা কৰে৷ তদুপৰি আজিৰ বৈঠকতে ডিব্ৰুগড়ত প্ৰস্তাৱিত অসম বিধান সভা ভৱন, বিধায়ক আৱাস আৰু ১০০ কোঠাবিশিষ্ট নতুন আৱৰ্ত ভৱনৰো প্ৰস্তাৱিত নক্সাকে ধৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷বৈঠকত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ আৱৰ্ত ভৱন চৌহদত নিৰ্মীয়নমাণ অসম ৰাজ্যিক সন্মিলন কেন্দ্ৰটোৰ নিৰ্মাণৰো বৰ্তমানলৈ হোৱা অগ্ৰগতিৰ বুজ লয়৷