ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা শ্ৰেয়স জুৎসী

ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়ত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা শ্ৰেয়স জুৎসী::
বোলছবি নিৰ্মাণ সম্পৰ্কীয় এদিনীয়া কৰ্মশালা সম্পন্ন 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ এক অগ্ৰণী শিক্ষানুষ্ঠান ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ জেণ্ডাৰ চেম্পিয়ন ক্লাব, অসম কলেজ শিক্ষক সন্থাৰ গোট আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ যৌথ উদ্যোগত আজি(৬-৫-২৫) চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় এক কৰ্মশালা অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত সমল ব্যক্তিৰূপে অংশ গ্ৰহণ কৰে প্ৰখ্যাত অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, লেখক তথা ড্ৰেমেটাৰ্জ পিকচাৰ্চৰ প্ৰতিষ্ঠাপক শ্ৰীশ্ৰেয়স জুৎসীয়ে। অনুষ্ঠানত তেওঁ ছাত্ৰীসকলক চলচ্চিত্ৰ নিৰ্মাণেৰে জড়িত বিভিন্ন দিশৰ বিষয়ে অৱগত কৰে আৰু চলচ্চিত্ৰৰে সম্পৰ্কীয় বৃত্তিগত সম্ভাৱনাসমূহো ফঁহিয়াই দেখুৱায়। নিজৰ সমল আৰু অভিজ্ঞতাৰ বিনিময় কৰি তেওঁ ছাত্ৰীসকলক নিজা প্ৰতিভাৰ কৰ্ষণ কৰি, আত্মনিৰ্ভৰশীলতাৰে চলচ্চিত্ৰ কলাত ব্ৰতী হ’বলৈ আহ্বান জনায়। কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত অন্যান্য সকলৰ লগতে উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালী, উপাধ্যক্ষা ড০ মানসী শৰ্মা, আই কিউ এ চি ৰ সমন্বয়ক ড০ অশ্বিনী মাছে, শিক্ষক গোটৰ সভাপতি ড০ শেখৰ পুৰকায়স্থ আদি। উদ্ধোধনী ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ অনুপ জ্যোতি ভৰালীয়ে। কৰ্মশালাত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰীয়ে অংশ লয়। অনুষ্ঠানৰ আঁত ধৰে কৰ্মশালাৰ সমন্বয়ক ড০ বৰ্ণালী নাথ দুৱৰাই।