ভকতি
আক্কাচ আলী
উত্তৰ ছাপৰা, জনীয়া, বৰপেটা
যিজনে বজায় বীণ
আপোন স্বাৰ্থক এৰি
পৰৰ লাগি কান্দে
সিয়েহে পায় ভকতি
তাৰ বাবেহে যায়
অকণি হিয়া ভাগি
যাৰ বুকুৰ কেঁচা তেজে লিখে
ভ্ৰাতৃ মাতৃৰ উদাৰ স্নেহ প্ৰীতিৰ বাণী
তাৰ চৰণতহে নিগৰি পৰে
বেদনা ৰিক্ত গধুৰ চকুপানী
ৰিক্ত হৃদয়ৰ অযুত ভকতি
সিয়েহে পায়
যিজনে দেখুৱায়
বুকুৰ তেজেৰে
মই সাম্যবাদী