“মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নির্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে”: সর্বানন্দ সোণোৱাল
সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্রহণ
মৰাণসকলৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ ‘গছতলৰ বিহু’ আৰু এহেজাৰগৰাকী আয়তীয়ে পৰিৱেশন কৰা ‘খেৰী অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সোণোৱালে
“মৰাণসকলৰ ঐতিহ্য, কলা-সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে সর্বাংগীণ উন্নয়নৰ বাবে বিজেপি চৰকাৰে শাসনত অহাৰ পৰাই বিশেষ গুৰুত্ব দি কাম কৰি আহিছে”: সোণোৱাল
“মৰাণ জনগোষ্ঠীৰ যুৱক-যুৱতীৰ অপৰিসীম দক্ষতা, যোগ্যতা, পাৰদৰ্শিতা আৰু দৃঢ়তা আছে”: সোণোৱাল
ৰঙিলী বাৰ্ত্তাসেৱা- মৰাণসকলৰ উত্তৰণৰ যাত্ৰাত সবল ভূমিকা পালন কৰি অহা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে ডুমডুমা নগৰ খেলপথাৰত ডুমডুমা আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত বর্ণাঢ্য অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মৰাণসকলৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ ‘গছতলৰ বিহু’ আৰু এহেজাৰগৰাকী আয়তীয়ে পৰিৱেশন কৰা ‘খেৰী’ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সোণোৱালে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে অসমৰ এটি অন্যতম শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত মৰাণ জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া সমাজলৈ আগবঢ়োৱা বিস্তৃত অৰিহণাৰ শলাগ লয় আৰু তেখেতে অসমীয়া জাতীয় জীৱনৰ আদর্শস্বৰূপ বডৌচা আৰু বীৰ ৰাঘৱ মৰাণৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, “মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নির্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে। অতি শৃংখলাবদ্ধভাৱে, আধ্যাত্মিক ধ্যান-ধাৰণাৰে, সাংস্কৃতিক ৰীতি-নীতিৰে এই জনগোষ্ঠীয়ে সমাজ ব্যৱস্থাক শক্তিশালী কৰি তুলিছে। এই মহান জনগোষ্ঠীৰ লগত জড়িত সদৌ মৰাণ ছাত্র সন্থাই প্রায় ৫৭বছৰ কাল জনগোষ্ঠীটোৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ বাবে আপোচবিহীনভাৱে সবল ভূমিকা পালন কৰি আহিছে তথা অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে অৰিহণা যোগাই আহিছে। ইয়াৰ বাবে তেওঁলোক শলাগৰ পাত্ৰ। অসমৰ জাতীয় জীৱনত মৰাণ জনগোষ্ঠীৰ অৱদান অপৰিসীম। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মৰাণ জনগোষ্ঠীয়ে সদায়েই সবল ভূমিকা লৈ আহিছে। মৰাণসকলৰ অতুলনীয় ত্যাগ, সাহস, বীৰত্ব, দেশপ্ৰেম আৰু কৰ্মসংস্কৃতি জাতিৰ বাবে গৌৰৱৰ প্ৰতীক। মৰাণসকলৰ ঐতিহ্য, কলা- সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে জনগোষ্ঠীটোৰ সৰ্বাংগীণ উন্নয়নৰ বাবে বিজেপি চৰকাৰে শাসনত অহাৰ পৰাই বিশেষ গুৰুত্ব দি কাম কৰি আহিছে।
মৰাণসকলৰ অতুলনীয় অৱদানক প্রকৃত সন্মান আৰু স্বীকৃতি দিয়া হৈছে। আজিৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত উঠি অহা প্রজন্মক আধুনিক ধ্যান-ধাৰণাৰে, বিজ্ঞানসন্মতভাৱে, প্রযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব লাগিব৷ মৰাণ জনগোষ্ঠীৰ যুৱক-যুৱতীৰ যি দক্ষতা, যোগ্যতা, পাৰদৰ্শিতা আৰু দৃঢ়তা আছে, তাৰ প্ৰকৃতাৰ্থত মূল্যাংকন কৰি তেওঁলোকৰ শ্ৰীবৃদ্ধিৰ বাবে নিৰন্তৰে কাম কৰি জনগোষ্ঠীটোক জিলিকাই তোলাৰ প্ৰচেষ্টা আমি আটায়ে গ্রহণ কৰা উচিতা” এই প্রসংগতে সর্বানন্দ সোণোৱাল ধৰ্ম হুঁচৰি, গছতলৰ বিহুৰ বিশেষত্বৰ কথাও উল্লেখ কৰে৷ শ শ বছৰ ধৰি নিজৰ মহান ঐতিহ্য-পৰম্পৰাক সবলভাবে জীয়াই ৰখা এই মহান জনগোষ্ঠীটোৱে আগন্তুক দিনবোৰত সমগ্র অসম তথা ভাৰতক কর্মকুশলতাৰে গৌৰৱান্বিত কৰিব বুলি আশা প্রকাশ কৰে কেন্দ্ৰীয় মন্ত্রীজনে। তেখেতে গছতলৰ বিহুৰ কথা বিশেষভাৱে উল্লেখ কৰি প্ৰকৃতিৰ সুৰক্ষা, সংৰক্ষণ, সংবর্ধনৰ জৰিয়তে জৈৱ-বৈচিত্ৰৰ সন্তুলন ৰক্ষাৰ বাবে এই গছতলৰ বিহুৰ বিশেষ তাৎপর্য্য আছে বুলি মন্তব্য কৰে৷
এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত মৰাণ জনগোষ্ঠীৰ সকলোকে সক্রিয় ভূমিকা পালন কৰি যাবলৈ আহ্বান জনায় সোণোৱালে আৰু যুৱশক্তিৰ সবলীকৰণেৰে এখন শক্তিশালী সমাজ গঢ়াত আগভাগ লৈ অহা সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগৰ বিশেষভাৱে শলাগ লয়।
উক্ত অনুষ্ঠানত লগতে উপস্থিত থাকে বিধায়কদ্বয় শ্রী বলীন চেতিয়া আৰু শ্রী পোনাকণ বৰুৱা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্রী অৰুণজ্যোতি মৰাণ, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্রী ঋতুপর্ণ বৰুৱা, অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ অধ্যক্ষ শ্রী পুলক গোহাঁই, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক শ্রী লক্ষ্য কোঁৱৰ, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি শ্ৰী পুলক চেতিয়াৰ উপৰি শ্ৰী কুশকান্ত বড়া, শ্রী বিৰিঞ্চি নেওগ, শ্রী মূলেন্দ্ৰ মৰাণ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।