ডিব্ৰুগড়ৰ পৰা হজ্বযাত্ৰীৰ দল পৱিত্ৰ মক্কা মদিনালৈ ৰাওনা: বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- চৌদি আৰৱৰ মক্কা-মদিনালৈ হজ্ব কৰাৰ উদ্দেশ্যে ৪-৫-২০২৫ ডিব্ৰুগড়ৰ হজযাত্ৰী সকল ডিব্ৰুগড় ৰে’ল ষ্টেচনৰ পৰা ৰে’লেৰে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰে। গুৱাহাটীৰ পৰা তেওঁলোকে প্ৰথমে চৌদি আৰৱৰ মদিনালৈ স্পাইচজেট বিমানেৰে ৰাওনা হ’ব। ডিব্ৰুগড় জিলাৰ পৰা এইবছৰ মুঠ ২৭ গৰাকী পুৰুষ- মহিলা পৱিত্ৰ হজ্ব কৰিবলৈ যাব। আজি ডিব্ৰুগড় ৰে’ল ষ্টেচনত হজ্বযাত্ৰী সকলৰ আত্মীয় আৰু সুভাকাংক্ষী সকলে বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰি হজ্বযাত্ৰীসকলক বিদায় দিয়ে।২০২৫ চনত পৱিত্ৰ হজ্বব্ৰত সম্পন্ন কৰিবলৈ যাব লগীয়া অসমৰ তালিকা খন হৈছে (১) ডিব্ৰুগড়ৰ পৰা ২৭ গৰাকী ১৭ পুৰুষ,১০ মহিলা (২)বজালীৰ- ৫ (৩)বাক্সা-৫ (৪)বৰপেটা-১১৬ (৫) বিশ্বনাথ-২ (৬) বঙাইগাঁও- ২৯ (৭) কাছাৰ-৩৯৫ (৮) চৰাইদেউ-৮ (৯) চিৰাং-১২(১০)দৰং- ১৪৬ (১১)ধেমাজি-o (১২) ধুবুৰী- ৯৪(১৩) গোৱালপাৰা- ৯৩(১৪) গোলাঘাট- ২১ (১৫) গুৱাহাটী-(মেঘালয়,নাগালেণ্ড মিজোৰাম)- ৩৭ (১৬) হাইলাকান্দি- ২৮০ (১৭) হোজাই- ৭৮ (১৮) যোৰহাট-৩৬ (১৯) কামৰূপ-৯০ (২০) কামৰূপ মেট্ৰো-১৩০ (২১) কৰিমগঞ্জ-৪৩৫ (২২) কোকৰাঝাৰ-১৭ (২৩) লক্ষীমপুৰ-৬৯ (২৪) মৰিগাঁও-৬৩ (২৫) নগাঁও-১৪৯ (২৬) নলবাৰী -২৬ (২৭) শিৱসাগৰ-৬৩(২৮) শোণিতপুৰ-২৮ (২৯) দক্ষিণ শালমাৰা-মানকাছৰ-৪৭ (৩০) তামুলপুৰ-৪ (৩১)তিনিচুকীয়া-২৩ আৰু(৩২)ওদালগুৰিৰ পৰা-১৪ গৰাকী। সৰ্বমুঠ =২,৫৩৫ গৰাকী হজ্বযাত্ৰী। ইয়াৰে পুৰুষ-১,৭৭২ আৰু মহিলা-৭৬৩ গৰাকী। অৱশ্যে ইতিমধ্যে কেইবাগৰাকী হজ্বযাত্ৰী বিভিন্ন কাৰণত যাব নোৱাৰে বুলি অসম হজ্ব কমিটিৰ অধ্যক্ষই জানিবলৈ দিয়ে। ২০২৪ চনত ডিব্ৰুগড়ৰ পৰা হজ্বযাত্ৰী গৈছিল মুঠ ৩৬ গৰাকী,ইয়াৰে ২০ পুৰুষ আৰু ১৬ গৰাকী মহিলা হজ্বযাত্ৰী আছিল। ২০২৫ চনত ডিব্ৰুগড়ৰ পৰা যাবলগীয়া হজ্ব যাত্ৰীৰ ২৭ গৰাকীৰ ভিতৰত ১৭ জন পুৰুষ আৰু ১০ গৰাকী মহিলা। উল্লেখযোগ্য যে ২০২৫ চনৰ বাবে হজ্ব যাত্ৰী সকলে মক্কা মদিনালৈ যাব লগীয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ হজ্ব কমিটীৰ লগতে অন্যান্য প্ৰতিষ্ঠানে ডিব্ৰুগড়ৰ ঈদগাহ ময়দানৰ সমূহীয়া প্ৰেক্ষাগৃহ আৰু নালিয়াপুল বিবাহ ভৱনত হজ্বযাত্ৰী সকলক অভিজ্ঞ প্ৰশিক্ষৰদ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে যাৱতীয় টীকাকৰণ আদি কৰে। অসমৰ হজ্বযাত্ৰী সকলে ৩ মে’ত গুৱাহাটীৰ পৰা ৩২১ গৰাকী, ৪ মে’ত ৩২১ জন,৫ মে’ত ৩২১ গৰাকী আৰু ৬ মে’ত ৩০৯ গৰাকী স্পাইচ জেট বিমানেৰে মদিনালৈ ৰাওনা হ’ব বুলি ৰাজ্যিক হজ্ব কমিটিৰ অধ্যক্ষ, নেকিবুজ জামানে জানিবলৈ দিয়ে। উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ ২,৭৮২ গৰাকী হজ্বযাত্ৰীৰ ভিতৰত ২৭৪২ গৰাকী মক্কা মদিনালৈ প্ৰত্যক্ষভাৱে বিমানেৰে যাব যদিও ইয়াৰে কিছু সংখ্যক কলকাতাৰ পৰা ৮০০, মুম্বাইৰ পৰা ২০০ , দিল্লীৰ পৰা ৯ আৰু হায়দৰাবাদ আদিৰ পৰা কেইগৰাকীমান যাব বুলি অধ্যক্ষ জামানে জানিবলৈ দিয়ে। এই হজ্বযাত্ৰী সকলক সহায় কৰাৰ কাৰণে মুঠ ১৭ গৰাকী খাদেমূল হুজ্জাজ হিচাপে হজ্বযাত্ৰী সকলৰ লগত যাব। ইয়াৰে ১১ গৰাকী সহায়কাৰী গুৱাহাটীৰ পৰা, ৫ গৰাকী কলকাতাৰ পৰা আৰু মুম্বাইৰ পৰা যাব ২ গৰাকী। হাজী সকলে মক্কা মদিনাত প্ৰায় চল্লিশ দিন যাৱতীয় উপাসনা কৰি কটোৱাৰ পিছত নিজ গৃহলৈ প্ৰত্যাবৰ্তন কৰিব। পৃথিৱীৰ মধ্যস্থল ৰূপে জনাজাত মক্কাত আছে কাবা শ্বৰীফ আৰু মদিনাত আছে ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদৰ ৰৌজা মোবাৰক। উল্লেখ যোগ্যযে বিমানৰ ভাড়াৰ ক্ষেত্রত গুৱাহাটী কলকাতাৰ মাজত প্ৰায় ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকাৰ ব্যৱধান। অৰ্থাৎ কলকাতাৰ পৰা মক্কালৈ গ’লে গুৱাহাটীৰ তুলনাত ১৫-২০ হাজাৰ ভাড়া কম হয়। গুৱাহাটীত বিমানৰ ভাড়াৰ ক্ষেত্রত আন্তঃৰাষ্ট্ৰীয় নিবিদা সংস্থা বা প্ৰতিষ্ঠানে কোনোধৰণৰ নিবিদা দিবলৈ আগবাঢ়ি নাহে কাৰণে কলকাতা গুৱাহাটীৰ মাজত এই ব্যৱধান হোৱা বুলি হজ্ব কমিটিৰ অধ্যক্ষ নেকিবুজ্জামানে জানিবলৈ দিয়ে। অৱশ্যে কলকাতাৰ পৰা গ’লে ভাড়া কিছু কম হ’লেও সজ যাত্ৰী সকলে তাত দুই তিনি দিন হোটেলত থাকিব লাগে বাবে যথেষ্ট পৰিমাণে খৰচ হয়। ২০২৫ বৰ্ষত ভাৰতৰ পৰা ১,৭৫,০০০ গৰাকী হজলৈ যাব যদিও ১,২২,০০০ গৰাকী চৰকাৰী ভাৱে আৰু বাকী ৫২,০০০ গৰাকী ব্যক্তিগত ভাৱে যাব। ব্যক্তিগত ভাৱে যাব লগীয়া যাত্ৰী সকলৰ টকা পইচা আৰু অন্যান্য যাৱতীয় নথি পত্ৰ সকলো এজেঞ্চী বোৰে জমা লৈছে যদিও আজি পৰ্য্যন্ত চৌদি আৰৱৰ পৰা সেউজ সংকেত লাভ কৰা নাই বাবে তেওঁলোকে দুশ্চিন্তাত ভুগি আছে বুলি জনায়। এই সম্পৰ্কে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ হজ কমিটিৰ পৰা বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী সকলে আহ্বান জনায়।