পাকিস্তানৰ পৰা আমদানিকৃত সামগ্রীত নিষেধাজ্ঞা আৰোপ ভাৰতৰ

পাকিস্তানৰ পৰা আমদানিকৃত সামগ্রীত নিষেধাজ্ঞা আৰোপ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামত সন্ত্রাসবাদীৰ নৰসংহাৰৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে আন এক কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে ভাৰতে। সিন্ধু জল চুক্তি স্থগিতৰ পৰা পাকিস্তানী নাগৰিকক স্বদেশলৈ উভতি যোৱাৰ নিৰ্দেশ, পাকিস্তানী বিমানৰ উৰণ নিষিদ্ধ কৰাৰ পিছত এইবাৰ পাকিস্তানৰ আমদানিকৃত সকলো সামগ্রী নিষিদ্ধ কৰাৰ সমান্তৰালকৈ ভাৰতৰ বন্দৰত পাকিস্তানী পতাকা থকা জাহাজৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে এক নির্দেশনাযোগে পাকিস্তানৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমদানিকৃত সকলো সামগ্ৰী ভাৰতে নিষিদ্ধ কৰিছে। তাৎক্ষণিক কার্যকৰী হোৱাকৈ পাকিস্তানৰ আমদানিকৃত সামগ্রী নিষিদ্ধ কৰাৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে পাকিস্তানী পতাকা থকা সকলো জাহাজ ভাৰতীয় বন্দৰলৈ অহাটো নিষিদ্ধ কৰিছে। তেনেদৰে ভাৰতীয় পতাকা লৈও কোনো জাহাজ পাকিস্তানৰ বন্দৰলৈ যাব নোৱাৰিব। ঠিক তেনেদৰে পাকিস্তানৰ পৰা আকাশমাৰ্গ আৰু স্থলভাগেৰে অহা সকলো পাৰ্চেল আৰু মেইল নিষিদ্ধ কৰা হৈছে। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি পাকিস্তানৰ পৰা আমদানি নিষিদ্ধ কৰা হৈছে। প্রত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানৰ পৰা আমদানিকৃত কিম্বা পাকিস্তানলৈ যাবলগীয়া সকলো সামগ্রীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ৰাজহুৱা নীতি অনুসৰি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ সঠিক অনুমতি অবিহনে কোনো সামগ্রী পাকিস্তানৰ পৰা আমদানি কৰিব নোৱাৰিব। অকল সেয়াই নহয়, ভাৰতৰ পৰা পাকিস্তানলৈ যাবলগীয়া সামগ্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পেহেলগামক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ বাবে নতুন দিল্লীয়ে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ যে  যোৱা ২২ এপ্রিলত জম্মু-কাশ্মীৰৰ ‘মিনি ছুইজাৰলেণ্ড’খ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে অতি বৰ্বৰতাৰে ২৬ পৰ্যটকক গুলীয়াই হত্যা কৰিছিল।