শ্ৰম পৰিষদ, অসম শ্ৰমিক দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা-আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন “শ্ৰম পৰিষদ, অসমৰ উদ্যোগত অগপ আমবাৰীস্হিত মুখ্য কাৰ্য্যালয়ত আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচীত পতাকা উত্তোলন, ছহিদ বেদী তৰ্পণ আৰু শ্ৰমিকসকলৰ অধিকাৰ সম্পৰ্কীয় সচেতনতামূলক আলোচনা অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি পৰিষদৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ অগপ নেতা নৃপা ফুকনে আৰু শ্বহীদ তৰ্পণ কৰে শ্ৰম পৰিষদৰ সাধাৰণ সম্পাদক লাচিত ৰাজবংশীয়ে৷ অনুষ্ঠানত উপস্থিত থাকি শ্ৰমিক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ক্ৰমে পৰিষদৰ , তথ্য আৰু প্ৰচাৰ সম্পাদক বিনোদ ৰাজগড়িয়া, আইনী সম্পাদক ইন্দ্ৰজিৎ ডেকাই। আজিৰ বিশেষ দিনটোত শ্ৰমিক সকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে আৰু শ্ৰমিক নেতা অৰ্জুন যাদৱে।