তিনি সেনাৰ মুৰব্বী-এনএছএ-প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক 

তিনি সেনাৰ মুৰব্বী-এনএছএ-প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক 

ৰঙিলী বাৰ্ত্তাসেৱা-  পেহেলগামৰ আক্ৰমণৰ প্রতিশোধ ল’বলৈ তিনি সেনা বাহিনীক সম্পূর্ণ ক্ষমতা অর্পণ কৰি ফ্রীহেণ্ড দিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। পেহেলগামৰ আক্ৰমণক লৈ ৰণনীতি চূড়ান্ত কৰাৰ বাবে বিগত তিনি দিনত প্রধানমন্ত্রী মোদীয়ে দুখন সুৰক্ষা সম্পৰ্কীয় বিশেষ  বৈঠকত অংশ লৈছে। তিনি সেনাৰ মুৰব্বী, চিডিএছ, এনএছএ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত ডেৰ ঘণ্টাজোৰা বৈঠকত পাক সন্ত্রাসবাদীক নির্মূল কৰিবলৈ সেনাক পূর্ণ ক্ষমতা অর্পণ কৰাৰ পিছত পুনৰ বুধবাৰে আন এখন বৈঠকত মিলিত হয়। দেশৰ দুখন সিদ্ধান্ত গ্রহণকাৰী শক্তিশালী কমিটীৰ সঘনাই বৈঠক অনুষ্ঠিত হৈ আছে। পেহেলগামৰ আক্ৰমণৰ পিছত প্রধানমন্ত্রী মোদীৰ অধ্যক্ষতাত সুৰক্ষা সম্পর্কীয় কেবিনেট কমিটীৰ দুখন বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ উপৰি ৰাজনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কমিটীৰ বৈঠকো অনুষ্ঠিত হৈছে। সম্ভাব্য মতে, বিৰোধীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি পেহেলগামৰ আক্ৰমণক লৈ সংসদৰ বিশেষ অধিৱেশন আয়োজন কৰিব। জৰুৰীকালীন অৱস্থাৰ দৰেই প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত দিল্লীত ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈ আছে। পেহেলগামৰ আক্ৰমণৰ উত্তেজনা চলি থকাৰ মাজতেই সাত বছৰৰ মূৰকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰিষদ পুনৰ গঠন কৰিছে মোদী চৰকাৰে। মোদী চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰিষদ পুনৰ গঠনেও পাকিস্তানৰ সৈতে যুদ্ধৰ সম্ভাৱনাক প্রকট কৰি তুলিছে। ২০১৮ চনৰ পিছত পুনৰ গঠন কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰিষদত ৬গৰাকী সদস্যক সামৰিক বাহিনী, আইপিএছ আৰু আইএফএছৰ অভিজ্ঞতাৰে পুষ্ট বিশেষ ব্যক্তিক লোৱা হৈছে। এই উপদেষ্টা পৰিষদৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে ৰ’ৰ প্ৰাক্তন মুৰব্বী আলোক যোশীক। বাকী সদস্যকেইগৰাকীৰ ভিতৰত তিনিগৰাকী প্রাক্তন সামৰিক বিষয়া হৈছে- ছাউদার্ন আর্মী কমাণ্ডাৰ লেফটেনেন্ট জেনেৰেল এ কে সিং, ৱেষ্টার্ন এয়াৰ কমাণ্ডাৰ এয়াৰ মাৰ্ছাল পি এম সিন্‌হা আৰু ৰিয়াৰ এডমিৰেল মন্টি খান্না। অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া ৰাজীৱ ৰঞ্জন বাৰ্মা আৰু মনমোহন সিং, অৱসৰপ্ৰাপ্ত আইএফএছ বিষয়া বি ভেংকটেশ বার্মা। উল্লেখ্য যে এই কমিটীখন প্ৰথমবাৰৰ বাবে ১৯৯৮ চনৰ ডিচেম্বৰত গঠন কৰা হৈছিল। কমিটীখনৰ নিৰাপত্তা বিষয়ক তথ্য আৰু প্ৰতিবেদন ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদলৈ প্ৰেৰণ কৰে আৰু এই পৰামৰ্শবোৰ গ্ৰহণ কৰি নীতি প্রস্তুত কৰে।