বিশিষ্ট লেখক-অধ্যাপক-গৱেষক তিলক মজুমদাৰৰ বিয়োগত অসম প্ৰকাশন পৰিষদৰ শোক

বিশিষ্ট লেখক-অধ্যাপক-গৱেষক তিলক মজুমদাৰৰ বিয়োগত অসম প্ৰকাশন পৰিষদৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট লেখক, গৱেষক, শিক্ষাবিদ, নগাঁও নিবাসী তিলক মজুমদাৰৰ বিয়োগত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোক বাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই তিলক মজুমদাৰৰ মৃত্যু অসমৰ সাহিত্য জগতৰ বাবে এক ক্ষতি বুলি অভিহিত কৰে ৷ বাৰ্তাটোত সচিব কলিতাই তিলক মজুমদাৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।