কটন কলেজত পুৰণি ছাত্ৰৰ পুৃণৰ্মিলন অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে শতিকা পুৰণি ঐতিহ্যময় শিক্ষানুষ্ঠান তথা তাহানিৰে পৰা অসমৰ শিক্ষা আৰু বৌদ্ধিক উৎকৰ্ষতাৰ কেন্দ্ৰস্থল , কটন কলেজৰ দুমহলীয়া মহেন্দ্ৰনাথ ডেকাফুকন ছাত্ৰাৱাসত ন-পুৰণি ছাত্ৰৰ এক পুণৰ্মিলন অনুষ্ঠান অনুষ্ঠিত হয় । ইংৰাজী ১৯৭৩ চনৰ পৰা ১৯৭৯ চনলৈ যিসকল আৱাসী এই হোষ্টেলত থাকি অধ্যয়ন কৰি গৈছিল সেই সকলৰ একাংশই ৰাজ্যখনৰ দূৰ দূৰণিৰ পৰা আহি বৰ্তমানৰ আৱাসী সকলৰ সৈতে অন্তৰঙ্গ আলাপত মিলিত হয়৷এই পুনৰ্মিলন কালত চাৰিদশকৰো অধিক সময়ৰ ব্যৱধানত পুৰণি আৱাসী সকলে ইজনে সিজনক লগ পাই অভিভূত হৈ পৰে । আনহাতে দীৰ্ঘবিৰতিৰ অন্তত তেওঁলোকৰ এই আৱেগিক পুনৰ্মিলন প্ৰত্যক্ষ কৰি বৰ্তমানৰ আৱাসী সকলো উচ্ছসিত হৈ পৰে৷বিয়লি ছাত্ৰাৱাসৰ বাকৰিত অনুষ্ঠিত কৰা ১৯৭৭ চনৰ আৱাসী মনোজ কুমাৰ দাসে সভাৰ আঁত ধৰে।সভাত ১৯৭৩ বৰ্ষৰে জ্যেষ্ঠ আৱাসী যজ্ঞেশ্বৰ শৰ্মাই আঁত ধৰা সভাৰ আৰম্ভণিতে বিগত সময়ত পৰলোকগত জ্ঞাত অজ্ঞাত বহুকেইজন প্ৰাক্তন আৱাসীৰ লগতে কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা পৰ্যটকসকলৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰে আৰু আৱাসী সকলক সম্বোধন কৰে। ইয়াৰ আগতে ছাত্ৰাৱাস চৌহদ পৰিস্কৰণৰ কাৰ্যসূচীও হাতত লোৱা হয়৷ প্ৰীতি সন্মিলনৰ অংশ স্বৰূপে সন্ধিয়ালৈ ছাত্ৰাৱাসত প্ৰীতিভোজৰ আয়োজন কৰা হয়৷চৌহদৰ দাঁতিৰে ‘ইণ্ডিয়া ক্লাৱ’ত পুৰণি আৱাসীসকলৰ সাংস্কৃতিক সন্মিলন অনুস্থিত হয় । ইয়াত সৰ্বশ্ৰী অৰূপ দত্ত, ত্ৰিদিৱ বৰুৱা , শুভ্ৰকিংকৰ গোস্বামী, পৰাগ বৰ্মনৰ লগতে নিমন্ত্ৰিত শিল্পী ৰাজু আনচাৰিয়ে গীত পৰিবেশন কৰে৷ৰাণা ভূঞাঁই গীত পৰিৱেশন আৰু কবিতা আবৃত্তিৰে সন্ধিয়াটো জীপাল কৰি তোলে ।অনুস্থানৰ অন্তত একেধৰণৰ পুনৰ্মিলন দুনাই অনুষ্ঠিত কৰাৰ লগতে সামাজিক দায়ৱদ্ধতাৰ হকে পৰৱৰ্তী সময়ত পদক্ষেপ লোৱাৰ সংকল্পৰে অনুস্থানৰ সামৰণি পৰে ।