কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
ৰঙিলী বাৰ্ত্তাসেৱা- কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে সামাজিক মাধ্যমযোগে আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে ।বুধবাৰে পুৱা ৯:০০ বজাৰ লগে লগে ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ ফলাফল সন্দৰ্ভত সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখ কৰিছে, “মই জনাবলৈ পাই সুখী যে কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক ২০২৫ৰ ফলাফল অহা কাইলৈ (৩০-০৪-২০২৫) পুৱা ৯:০০ বজাত ঘোষণা কৰা হ’ব । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে আজি জাননী প্ৰকাশ কৰিব । এইবাৰ মুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।”পৰীক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ১২ টা ৱেবছাইটত চাব পাৰিব ৷ এই কথা মঙলবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিছে । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথ স্বাক্ষৰিত এক জাননীত প্ৰকাশ কৰা মতে, “বুধবাৰে পুৱা ৯ বজাৰ লগে লগে পৰীক্ষাৰ ফলাফলবোৰ আৰু ডিজিটেল মাৰ্কশ্বীট ১২ টা ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ্থী সকলে ।” ৱেবছাইসমূহ হৈছে-
আনহাতে ‘উপলব্ধ’ নামৰ এণ্ড্ৰইড এপটো Google Play Store ৰ পৰা ডাউনলোড কৰি পৰীক্ষাৰ্থীসকলে এই এপটোৰ জৰিয়তে পৰীক্ষাৰ ফলাফল আৰু মার্কশ্বীট ডাউনলোড কৰিব পাৰিব ।
২০২৪ চনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৮৮.৬৪% ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯০.২৯% হোৱাৰ বিপৰীতে কলা আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ক্ৰমে ৮৮.২৪% আৰু ৮৮.২৮%। ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈকে অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ ২,৭৩,৯০৮ গৰাকী ছাত্ৰ-ছাত্ৰী, য’ত ১,৩৯,৪৮৬ জন ল’ৰা আৰু ১,৪২,৭৩২ গৰাকী ছোৱালী অৱতীৰ্ণ হৈছিল।