ডিব্ৰুগড়ত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ 

ডিব্ৰুগড়ত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বৰ্বৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ডিব্ৰুগড়ত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে কালি(২৫-৪-২৫) চৌকিদিঙ্গীত প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰহিমুল হুছেইন, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰুবুল আলি, জিলা সমিতিৰ সাধাৰণ সম্পাদক ইয়াকুব আলি,কাৰ্যকৰী সভাপতি ৰাইয়ান জুবেৰিৰ লগতে জুবেৰ আখটাৰ হুছেইন, ৰুহন আলি, পাপ্লু হুছেইন , জিচান আলি, আকিব জামান, মিছবাহুল হক, আমজাদ আলি, ফৰিদ আহমেদ, ছফিউল বৰা, ইউনিছ আলি আহমেদ, নিজাম উদ্দীন আহমেদৰ লগতে সমিতিৰ অন্যান্য সদস্যসকল একত্ৰিতহৈ  জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ মদদপুষ্ট সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটকক গুলীয়াই হত্যা কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।এই ঘটনাত নিহত হোৱা প্ৰতিগৰাকী ব্যক্তিৰ আত্মাৰ সদ্গতি কামনা কৰে আৰু আহতসকলৰ আশুআৰোগ্য কামনা কৰাৰ লগতে  বন্তি প্ৰজ্বলন কৰি ন্যায় বিচাৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী তোলে । প্ৰতিবাদ থলীতে পৰিষদৰ সদস্যসকলে মৃতকৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে । লগতে,’ উগ্ৰপন্থী মূৰ্দাবাদ’, ‘উগ্ৰপন্থী হুচিয়াৰ’ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু জম্মু কাশ্মীৰত থকা সন্ত্ৰাসবাদীক  নিৰ্মূল কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে।