গুৱাহাটীত বলীউডৰ অভিনেতাক নৃশংসভাৱে হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।গুৱাহাটীত বলীউডৰ অভিনেতাক নৃশংস হত্যা। ‘ফেমিলি মেন 3’ৰ অভিনেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।দেওবাৰে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ এটা পুখুৰীত উদ্ধাৰ হয় বলীউড অভিনেতা ৰোহিত বাছফৰ মৃতদেহ। জানিব পৰা মতে, মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান তথা অভিনেতা ৰোহিত বাছফৰ কিছুদিন পূৰ্বে অসমলৈ আহিছিল। ইয়াৰ মাজতে তেওঁ দেওবাৰে গড়ভঙাৰ হাবিলৈ ফুৰিব গৈছিল।প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে ৰোহিতক হত্যা কৰি অভিযুক্তই জলাশয়ত পেলাই থৈ গৈছিল। জানিব পৰা মতে, দেওবাৰে বৰ্ষাপাৰাৰ ঘৰৰ পৰা ৩ বন্ধুৰ সৈতে ফুৰিবলৈ বুলি গড়ভঙালৈ ওলাই গৈছিল। লগত আছিল ভৰলুৰ জিমনাষ্টিক চেন্টাৰৰ মালিক অমৰদ্বীপ নামৰ এজন যুৱক। কিন্তু সন্ধিয়াৰ ভাগত এই দলটোৰ পৰা বন বিভাগ আৰু আৰক্ষীয়ে লাভ কৰিছিল চাঞ্চল্যকৰ খবৰ। অভিযুক্ত ৪ বন্ধুয়ে আৰক্ষীক জনাইছিল ৰোহিতৰ মৃত্যুৰ খবৰ আৰু পৰৱৰ্তী সময়ত SDRF বাহিনীৰ সহযোগত ঘন হাবিৰ জলাশয়ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৰোহিতৰ ক্ষত-বিক্ষত মৃতদেহ। তথ্য মতে,এমাহ পূৰ্বে মুম্বাইৰ পৰা ঘৰলৈ আহিছিল ৰোহিত। প্ৰায় এসপ্তাহৰ পূৰ্বে ৰোহিতক ৩ বন্ধুয়ে হত্যাৰ ভাবুকি দিছিল। গাড়ী পাৰ্কিঙক লৈ ৰোহিতৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল ৩ বন্ধুৰ। তাৰ পাছতে দেওবাৰে সংঘটিত হয় অনকাংক্ষিক ঘটনাটো। ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। ৰোহিতৰ বাছফৰ মৃতদেহৰ মূৰ, মুখ, পিঠি, বুকুত আঘাতৰ চিন স্পষ্ট হৈ আছে। গতিকে সন্দেহ কৰা হৈছে, প্ৰথমে ৰোহিতক প্ৰহাৰ কৰি পেলাই দিয়া হৈছে জলাশয়ত। আনহাতে ৰোহতিৰ মৃত্যুৰ পাছত দেওবাৰে সন্ধিয়াৰ পৰা পলাতক হৈ আছে ৩ বন্ধু। পলাতক ৰঞ্জিত বাছফৰ, অশোক বাছফোৰ আৰু ধৰম বাছফৰ। তেওঁলোকৰ লগতে দলটোৰ সৈতে যোৱা ভৰলুৰ জিনমাষ্টিক চেণ্টাৰৰ স্বত্বাধিকাৰী অমৰদ্বীপ নামৰ লোকজনো পলাতক অৱস্থাত আছে।বৰ্তমান আৰক্ষীয়ে ৪ অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই। এই ঘটনা সন্দৰ্ভত ৰোহিতৰ পৰিয়ালৰ লোকে উচিত তদন্ত বিচাৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।