ভাৰত বিৰোধী মন্তব্যৰ অভিযোগত অসমত ২২জন লোকক গ্ৰেপ্তাৰ 

Pc Northeast Now

ভাৰত বিৰোধী মন্তব্যৰ অভিযোগত অসমত ২২জন লোকক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত ভাৰত বিৰোধী মন্তব্যৰ অভিযোগত অসম আৰক্ষীয়ে ২২জন লোকক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, সামাজিক মাধ্যমত ভাৰত বিৰোধী মন্তব্য় প্ৰকাশ কৰাৰ অপৰাধত আটক কৰা অভিযুক্তৰ সংখ্যা দেওবাৰে নিশালৈকে ১৯ জন আছিল। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে বিৰোধী এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম । তেওঁৰ বিৰুদ্ধে ইতিমধ্য়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে, প্ৰয়োজন হ’লে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ বিধান জাপি দিয়া হ’ব। ভাৰত আৰু পাকিস্তানৰ মাজত কোনো সাদৃশ্য নাই, দুয়োখন দেশ শত্ৰু ৰাষ্ট্ৰ আৰু আমি তেনেকৈয়ে থাকিব লাগিব বুলি অলপতে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।