পলাশবাৰী সমষ্টিৰ ১১ নং ৰামপুৰ জিলা পৰিষদৰ পদৰ নিৰ্বাচনত শাসক – বিৰোধীৰ তুমুল নিৰ্বাচনী প্ৰচাৰ যুদ্ধ
পঞ্চায়ত নিৰ্বাচনৰ ধামধুমীয়াত নিঃশেষ হোৱাৰ পথত ৰামপুৰৰ গো – চৰণীয়া পথাৰ দৰাবিল
শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যজুৰি বলিছে ব্যাপক নিৰ্বাচনী ধুমুহা ৷ জিলা পৰিষদ আৰু পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব পোৱা প্ৰাৰ্থী সকলে উঠিপৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত ৷ কি শাসক,কি বিৰোধী সকলোৱে ব্যস্ত নিৰ্বাচনী প্ৰচাৰত ৷ সমান্তৰালভাৱে পলাশবাৰী সমষ্টিৰ ১১ ৰামপুৰ জিলা পৰিষদৰ নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে শাসক – বিৰোধীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ তুমুল যুদ্ধ ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু বিৰোধী ঐক্যৰ সমৰ্থিত প্ৰাৰ্থী বিপ্লৱ তালুকদাৰ আৰু এন ডি এ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জিতুমনি নাথৰ মাজত চলিছে নিৰ্বাচনী প্ৰচাৰৰ তুমুল যুদ্ধ ৷ ১১নং ৰামপুৰ জিলা পৰিষদৰ অন্তৰ্গত বিভিন্ন ঠাইত ইতিমধ্যে বিপ্লৱ তালুকদাৰ আৰু জিতুমনি নাথে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ লগতে দুয়োপক্ষৰ মাজত চলিছে তুমুল ৱাকযুদ্ধ ৷ বিভিন্ন সময়ত দুৰ্নীতি,কেলেংকাৰী,কয়লা ছিণ্ডিকেট,গৰুৰ ছিণ্ডিকেটৰ লগত নাম সাঙোৰ কোৱা শাসকীয় দলৰ মনোনীত প্ৰাৰ্থী জিতুমনি নাথ ৰাইজৰ কল্যাণ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কল্যাণৰহে পৰিপন্থী বুলি অভিহিত কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থী বিপ্লৱ তালুকদাৰে ৷ ৰাইজে এইবাৰ দল চাই নহয় প্ৰাৰ্থী চাইহে নিৰ্বাচিত কৰিব,নোটৰ পৰিৱৰ্তে ভোটৰ ৰাজনীতি,ভয়- ভাবুকি দি আঁচনি বন্ধ কৰি দিয়াৰ ৰাজনীতি এইবাৰ নচলিব আদি মন্তব্যবৰে বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত উভতি ধৰা দেখিবলৈ পোৱা গৈছে যুৱনেতা বিপ্লৱ তালুকদাৰক ৷ আনহাতে এই নিৰ্বাচনী কেন্দ্ৰীক ধামধুমীয়াৰ মাজতে দক্ষিণ কামৰূপৰ সম্পদ তথা হৃদপিণ্ড স্বৰূপ ৰামপুৰৰ গো- চৰণীয়া পথাৰ দৰাবিল চৰকাৰে বহিৰাগত বণিকগোষ্ঠীক গটাই দিয়াকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ দৰাবিল ৰক্ষা কৰাৰ স্বাৰ্থত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক হেমাঙ্গ ঠাকুৰীয়াক মিছলীয়া আখ্যা দিছে ৷ ৰাইজৰ অভাৱঅভিযোগ পূৰণ কৰাৰ ক্ষেত্ৰত হেমাঙ্গ ঠাকুৰীয়া এজন সম্পূৰ্ণ অসফল বিধায়ক এই অভিযোগ উথাপন কৰে পলাশবাৰী সমষ্টিৰ চিমিনা গাওঁবাসীয়ে কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰি ককবকাই থকা চিমিনাবাসী ৰাইজে আজিলৈকে ভূমিহীন হৈ আছে ৷ হয়টো চিমিনা উন্নয়নৰ জয়ধোল বজোৱা বিজেপি চৰকাৰৰ পোহৰৰ চাকিয়ে ঢুকি নপোৱা এই গাওঁখনৰ বাসিন্দাসকলে ভূমিপাট্টা পোৱাৰ পৰা বঞ্চিত হৈ আছে ৷বহু গৃহহীন মানুহে এতিয়া পথৰ দাঁতিতে জীৱনযাপন কৰিবলৈ বাধ্য হৈছে ৷ যাৰফলত এতিয়া চিমিনাবাসী ৰাইজ চৰকাৰ তথা বিধায়কৰ ওপৰত ক্ষুণ্ণ হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য নিৰ্বাচন আহিলে সংখ্যালঘু ভোটাৰসকলোকলৈ বহুক্ষেত্ৰত বিভিন্নধৰণৰে ৰাজনীতি কৰা দেখা যায় কিন্তু নিৰ্বাচন শেষ হলেই সংখ্যালঘু সকলৰ অভাৱঅভিযোগবোৰ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ বিশেষ মতিগতি দেখা পোৱা নেযায় ৷ যাৰ উদাহৰণ হিচাপে ৰামপুৰৰ দৰাবিলৰ মাছমৰীয়া ৰাইজ আৰু পলাশবাৰী সমষ্টিৰ মুছলমান সংখ্যালঘু চিমিনা বাসী ৰাইজ হেজাৰ প্ৰতিশ্ৰুতিৰ ফল প্ৰতাৰণাৰে পোৱা দেখিবলৈ পাওঁ ৷