জিলা অসামৰিক চিকিৎসালয়, হোজাইত ৰঙালী বিহু উদযাপন

জিলা অসামৰিক চিকিৎসালয়, হোজাইত ৰঙালী বিহু উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ২৭-০৪-২০২৫ তাৰিখ দেওবাৰে জিলা অসামৰিক চিকিৎসালয়, হোজাইৰ আৱাসিক এলেকেত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়াৰ বাপতি সাহোন ৰাঙলী বিহু বিভিন্ন কাৰ্যূচীৰে অনুষ্ঠিত কৰা হয়। স্বাস্থ্য কৰ্মীসকলকৰ ব্যস্ততাপূৰ্ণ জীৱনত কিছু সকাস প্ৰদান কৰিবৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। স্বাস্থ্য কৰ্মী সকলে যিহেতু কৰ্ম ব্যস্ততাৰ বাবে কোনো উৎসব উদযাপন কৰাৰ বাবে আহৰি নাপায় সেই বাবেই স্বাস্থ্য কৰ্মী সকলক বিহুৰ মনোৰঞ্জন প্ৰদান কৰা বাবে এই বিহু উদযাপন কৰা হয়। ৰাতিপুৱা ৮:০০ বজাত জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: বাসুদেৱ মালাকৰে অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাক উত্তোলন কৰে। তাৰ পিছতে বন্তি প্ৰজ্বলন কৰে জিলা অসামৰিক চিকিৎসালয়ৰ উপ: অধীক্ষক ডা: সুব্ৰত বনিকে। অনুষ্ঠানটো আঁত ধৰে জিলা অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী ধীৰাজ ডেকাই। অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা ৯:০০ বজাৰ পৰা থলুৱা খেল ধেমালী সমূহ অনুষ্ঠিত কৰা হয়। তাৰ পিছত দূপৰীয়া ১:০০ বজাত অনুষ্ঠিত হয় মুকলি সভা। এই মুকলি সভাতে আমন্ত্ৰিত শিল্পীৰ উপৰিও জিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী সকলেও দলীয় আৰু একক বিহু নৃত্য প্ৰদৰ্শন কৰে। মুকলি সভাতে বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা থলুৱা খেল ধেমালি প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হয় বুলি আয়োজক সমিতিৰ সম্পাদিকা মনিকা ঘোষ, দীপালী শৰ্মা আৰু দীপিকা লস্কৰে জানিবলৈ দিছে। শেষত এটা সমূহীয়া হুঁচৰিৰ দ্বাৰা বিহু অনুষ্ঠানটো সমাপ্ত কৰা হয় বুলি আয়োজক সমিতৰ যুটীয়া সম্পাদক নব কুমাৰ দাস, টিংকু কলিতা, যুগল নাথে জানিবলৈ দিছে। বিহু অনুষ্ঠানটো সুকলমে আৰু সফলভাবে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিসকল লোকে নিস্বাৰ্থ ভাবে সহায় সহযোগ আগবঢ়াইছে তেওঁলোকক শলাগৰ শৰাই আগবঢ়াই উদযাপন সমিতৰ সভাপতি ডা: সৌৰভ কৰে।