মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পহলগাম ঘটনাৰ তীব্ৰ নিন্দা 

pc NDTV.com

মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পহলগাম ঘটনাৰ তীব্ৰ নিন্দা 

ৰঙিলী বাৰ্ত্তাসেৱা-  কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ পাশৱিক হত্যালীলাৰ পিছত পাকিস্তানলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।’মন কী বাত’ৰ ১২১ সংখ্যক কাৰ্যসূচীতো প্রধানমন্ত্রী মোদীৰ মুখত শুনিবলৈ পোৱা গ’ল পেহেলগামৰ নৰঘাতকক কঠোৰ শাস্তি বিহাৰ হুংকাৰ। ‘মন কী বাত’ অনুষ্ঠানৰ প্ৰথম ৬ মিনিটত প্ৰধানমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা যায় কেৱল পেহেলগাম প্রসংগ।  প্রধানমন্ত্রীয়ে কয় যে সন্ত্রাসবাদীক কঠোৰ প্ৰত্যুত্তৰ দিব ভাৰতে। প্ৰতিগৰাকী ভাৰতীয় নিহত লোকসকলৰ পৰিয়ালৰ সৈতে আছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈ বিয়পিছে শোক আৰু ক্ষোভ। এয়া অকল পর্যটকসকলৰ ওপৰত আক্রমণ নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ শত্ৰুসকলে ভাৰতৰ আত্মাক আক্ৰমণ কৰাৰ দুঃসাহস দেখুৱাইছে। সন্ত্রাসবাদক পুলিয়ে-পোখাই উভালি পেলোৱাৰ সময় আহিছে বুলিও মোদীয়ে মন্তব্য কৰে। লক্ষণীয়ভাবে পেহেলগামৰ নাৰকীয় হত্যালীলা দেখি দেশবাসীৰ তেজ উতলি উঠিছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সন্ত্রাসবাদীৰ আক্ৰমণত কোনোৱে নিজৰ পুত্ৰক হেৰুওৱাৰ বিপৰীতে কোনোবাই নিজৰ ভাতৃ বা কোনোবাই জীৱন সংগীক হেৰুওৱা বুলিও উল্লেখ কৰে মোদীয়ে। এই আক্ৰমণৰ ঘটনাত ১৪০ কোটি ভাৰতীয় শোকদগ্ধ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শান্তি ঘূৰি অহা কাশ্মীৰলৈ পুনৰ অশান্ত পৰিৱেশ ঘূৰাই অনাৰ এয়া এক ষড়যন্ত্র। সন্ত্রাসবাদীৰ এয়া ভয়ার্ত মনৰ প্ৰতিফলন বুলিও উল্লেখ কৰে মোদীয়ে। কাশ্মীৰলৈ শান্তি ঘূৰি অহাৰ লগে লগে স্কুল- কলেজ খোলাৰ উপৰি গণতন্ত্র মজবুত হৈছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘মন কী বাত’ত উল্লেখ কৰে। দেশৰ শত্ৰু আৰু জম্মু-কাশ্মীৰত শত্ৰুবোৰে এনে পৰিৱেশক সহ্য কৰা নাছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কাশ্মীৰত পুনৰ আতংক বিস্তাৰ কৰাৰ বাবে পেহেলগামত চলোৱা হৈছে পাশৱিক হত্যালীলা। এই ঘটনাক এক বৃহৎ ষড়যন্ত্র বুলিও অভিহিত কৰে মোদীয়ে। এনে পৰিস্থিতিত সন্ত্রাসবাদৰ বিৰুদ্ধে দেশবাসীৰ একতা আটাইতকৈ বৃহৎ শক্তি বুলি পুনৰ উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।  ভাৰতীয় লোকসকলৰ মনত এই ঘটনাই যি ক্ষোভৰ উদ্‌দ্গীৰণ ঘটাইছে, তাক সমগ্র বিশ্ববাসীয়ে দেখিছে বুলিও মন্তব্য কৰে মোদীয়ে। ইফালে এই আক্ৰমণৰ ঘটনাৰ পিছত বিশ্বৰ বিভিন্ন দেশৰ পৰা ভাৰতলৈ সমবেদনা অহা বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সন্ত্রাসবাদীৰ বিৰুদ্ধে ১৪০ কোটি ভাৰতীয়ৰ ঐক্যবদ্ধ শক্তিক বিভিন্ন ধৰণে বিশ্ব নেতৃত্বই সমর্থন কৰিবলৈ আগবাঢ়ি অহা বিষয়টো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি মোদীয়ে কয় যে সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ পক্ষত থাকিব সমগ্র বিশ্ব।