পেহেলগামৰ দুই সন্ত্রাসবাদীৰ বাসগৃহ ধ্বংস সেনাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশবাসীৰ তীব্র ক্ষোভৰ মাজতেই পেহেলগামত পর্যটকক বৰ্বৰতাৰে হত্যাত জড়িত দুই স্থানীয় সন্ত্রাসবাদীৰ বাসগৃহ ধ্বংস কৰিলে সেনাই। কুখ্যাত আদিল হুছেইন থোকৰৰ বাসগৃহ সেনাই বোমাৰে উৰুৱাই দিয়াৰ বিপৰীতে আন এক সন্ত্রাসবাদী আছিফ শ্বেখৰ বাসগৃহ বুলড ‘জাৰেৰে ভাঙি পেলায়। অনন্তনাগৰ বাসিন্দা কুখ্যাত সন্ত্রাসবাদী আদিল হুছেইন থোকৰৰ বাসগৃহত সেনাই আইইডিৰে বিস্ফোৰণ ঘটায়। সন্ত্রাসবাদীটোক বিচাৰি বাসগৃহত সেনাই অভিযান চলাওঁতেই বাসগৃহৰ ভিতৰত সন্ত্রাসবাদীয়ে এৰি যোৱা বিস্ফোৰক পায় আৰু সেনাই সেই বিস্ফোৰকেৰে বাসগৃহটো উৰুৱাই দিয়ে। আনপিনে, ট্রলৰ বাসিন্দা আছিফ শ্বেখৰ বাসগৃহটো আৰক্ষীৰ সহযোগত সেনাই বুলড’জাৰ লগাই ভাঙি পেলায়।
কাশ্মীৰৰ বন্দীপোৰাত ভাৰতীয় সেনা-সন্ত্রাসবাদীৰ মাজত গুলীয়াগুলী
ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামত নৰসংহাৰ চলোৱা সন্ত্রাসবাদীৰ সন্ধানত তীব্ৰতৰ অভিযান চলোৱা নিৰাপত্তা বাহিনী আৰু সন্ত্রাসবাদীৰ মাজত কাশ্মীৰৰ বন্দীপোৰাত তুমুল গুলীয়াগুলী চলে। লস্কৰ-ই-তৈবাৰ ম’ষ্ট ৱান্টেড সন্ত্রাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পাছতেই সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে বন্দীপোৰাত অভিযান চলায়। সেনাৰ অভিযানৰ উমান পাই আত্মগোপন কৰি থকা লস্কৰৰ দুৰ্ধৰ্ষ সন্ত্রাসবাদীয়ে প্রথমে গুলীচালনা কৰাত অভিযানকাৰী দলেও প্রত্যুত্তৰ দিয়ে। দুই পক্ষৰ মাজত তুমুল গুলীয়াগুলীত নিহত হয় ম’ষ্ট ৱান্টেড লস্কৰৰ কমাণ্ডাৰ আলতাফ লাল্লী। আলতাফ লাল্লী লস্কৰ-ই-তৈবাৰ অধীনৰ দ্য ৰেজিষ্টেনছ ফ’ৰ্চৰ সৈতে জড়িত। এই টিআৰএফেই পেহেলগামত নিৰীহ পৰ্যটকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ২৬ পৰ্যটকক। পেহেলগামৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান চলাই থকা নিৰাপত্তা বাহিনীয়ে বন্দীপোৰাত লস্কৰৰ দুৰ্ধৰ্ষ কমাণ্ডাৰ আলতাফ লাল্লীক হত্যা কৰি এক সফলতা লাভ কৰিছে। ইপিনে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপত ভাৰতীয় সেনাৰ ঘাটিলৈ লক্ষ্য কৰি গুলীচালন কৰিছে পাকিস্তানী সেনাই। চিৰবৈৰী ৰাষ্ট্ৰখনৰ সেনাৰ এই গুলীৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই। তথ্য মতে, জম্মু-কাশ্মীৰৰ এলঅ’চিৰ কিছু স্থানত পাকিস্তানী সেনাই ক্ষুদ্র আগ্নেয়াস্ত্ৰৰে গুলীচালনা কৰি পৰিৱেশ উত্তেজনাময় কৰি তুলিছে। পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত দুই দেশৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে এলঅ’চিত পাকিস্তানী সেনাৰ গুলীচালনাক লৈ সষ্টম হৈছে ভাৰতীয় সেনা। সন্ত্রাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে শ্রীনগৰত উপস্থিত হৈছে সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী। সেনাপ্রধান জেনেৰেল দ্বিবেদীক বন্দীপোৰাৰ ঘটনা সন্দৰ্ভত অৱগত কৰে সেনা বিষয়াই।