ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ 

ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্রদ্রোহী মন্তব্য কৰি অৱশেষত গ্ৰেপ্তাৰ হ’ল ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। বিশ্ব কঁপাই যোৱা জম্মু-কাশ্মীৰৰ পেহেলগামৰ নৃশংস ঘটনাক লৈ সমগ্র দেশবাসীয়ে ন্যায় বিচৰাৰ সময়তে পাকিস্তানী উগ্রপন্থীক একপ্ৰকাৰ মুকলিকৈ সমর্থন কৰিছিল জনপ্রতিনিধি আমিনুল ইছলামে। বিধায়কজনৰ বিতর্কিত মন্তব্যক লৈ ৰাজ্যৰ বিভিন্ন থানাত কেইবাটাও পক্ষই এজাহাৰ দাখিল কৰাৰ সময়তে মুকলিকৈ কৰা ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বিধায়কজনক নগাঁও আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ১৫২/১৯৬/১৯৭/(I)/১১৩ (I)/৩৫২/৩৫৩ নং ধাৰাৰ অধীনত ৩৪৭/২৫ নম্বৰত নগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰি বিধায়কজনক জুৰীয়াৰ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি নিৰীহ জনসাধাৰণৰ ওপৰত হোৱা সন্ত্রাসবাদীৰ বৰ্বৰোচিত আক্ৰমণক লৈ সকলোৱে একমুখে গৰিহণা দি উচিত ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰত চৰকাৰক দাবী জনাইছে। কিন্তু ৰাইজৰ সৈতে সহমত পোষণ কৰি সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সলনি বিধায়কজনে সকলো সীমা অতিক্ৰম কৰি উগ্ৰপন্থীৰ প্ৰতি সহমর্মিতাহে প্রকাশ কৰিছিল। উল্লেখ্য যে ধিং সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ সভাত বিধায়কগৰাকীয়ে কৈছিল যে পুলৱামাত সংঘটিত হোৱা ঘটনাৰ সময়তো মই কৈছিলোঁ যে চৰকাৰৰ ষড়যন্ত্ৰ ইয়াত আছে। ভাৰত চৰকাৰে এটা সাম্প্রদায়িক মেৰু বিভাজন কৰি ২০১৯ৰ লোকসভা নির্বাচনত জয়লাভ কৰিবলৈ বোমা বিস্ফোৰণ ঘটাইছিল। নিৰপেক্ষ তদন্তৰ দাবী কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে পুলৱামা হত্যাকাণ্ডৰ তদন্ত নকৰিলে। পেহেলগামত সংঘটিত হোৱা গুলীবৰ্ষণৰ ঘটনাটোৰ ক্ষেত্ৰত ভাৰতজুৰি বিজেপিয়ে প্ৰচাৰ কৰিছে যে সন্ত্রাসবাদীয়ে মানুহৰ নাম সুধি হিন্দুক গুলীয়াইছে। কিন্তু তাৰ ভুক্তভোগীসকলে দিয়া বক্তব্য মতে, কাৰো নাম সোধা হোৱা নাছিল। আন্ধাৰৰ পৰা গোপনে গুলীবর্ষণ কৰা হৈছিল। পুলৱামাত যিটো চক্রই ৩০০ কেজি আৰডিএক্স বিস্ফোৰণ ঘটাই ৪২জনকৈ চিআৰপিএফৰ জোৱানক শ্বহীদ কৰিছিল, একেটা চক্রই পুলৱামাতো শেহতীয়া ঘটনাটো সংঘটিত কৰিছে বুলি আমাৰ সন্দেহ হৈছে। পুলৱামা কাণ্ড আৰু পেহেলগাম কাণ্ড মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সৃষ্টি বুলি ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰা বিধায়ক আমিনুল ইছলামে উক্ত ঘটনাটোৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহক জগৰীয়া কৰিছিল। বিধায়কজনৰ এনে বিতর্কিত মন্তব্যৰ পিছতে নগাঁও আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয় যে পেহেলগামৰ ঘটনাক লৈ বিধায়ক আমিনুল ইছলামে কৰা মন্তব্য দুর্ভাগ্যজনক। তেওঁৰ পৰা এনেধৰণৰ মন্তব্য আশা কৰা নাযায়। এই মন্তব্য অপৰাধ হিচাপে গণ্য কৰি সমগ্র বিষয়টো গুৰুত্ব সহকাৰে নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে বুলি অধীক্ষক গৰাকীয়ে লগতে কয়। আৰক্ষীয়ে বিধায়কজনৰ  বাসভৱনত তালাচী চলাই বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে ম’বাইল ফোনটো জব্দ কৰে।