কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদৰ আক্ৰমণ অতিকৈ নিন্দনীয় : এবিভিপি
দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰৰ চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰক
ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্মৰ ভিত্তিত পাকিস্তানৰ পৃষ্ঠপোষকতাত লালিত পালিত সন্ত্ৰাসবাদী সংগঠনে ভূস্বৰ্গ কাশ্মীৰত ফুৰিবলৈ যোৱা লোক সকলৰ ওপৰত কৰা আন্দোলন বিদ্যাৰ্থী পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।গুৱাহাটী মহানগৰীৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সন্মূখত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে গুৱাহাটী মহাবিদ্যালয়ত নিহত সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ঠিক একে দৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয়, লামডিং মহাবিদ্যালয়, হাইলাকান্দি জিলাত বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠিত কৰা হয়।এবিভিপিৰ তৰফৰ পৰা চৰকাৰ তথা প্ৰশাসনক সন্ত্ৰাসবাদী তথা দেশ বিৰোধী শক্তি সমূহৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়, এবিভিপিৰ এই প্ৰতিবাদী কাৰ্যসূচীত এবিভিপি অসম প্ৰদেশৰ মিডিয়া সংযোজক জিতুমণি কলিতা, গুৱাহাটী মহানগৰ সম্পাদক ৰুপাংক শৰ্মা, গুৱাহাটী বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি মাধুৰ্য প্লাবণ তালুকদাৰ , গুৱাহাটী মহাবিদ্যালয়ৰ সভাপতি সুমিত দাস উপস্থিত থাকে।